NORTHEAST NOW (Assamese)

আজি ফিনলেণ্ডত বিশ্ব জুনিয়ৰ এথলেটিক চেম্পিয়শ্বিপত ফেভাৰিট হৈ অৱৰ্তীৰ্ণ হ’ব হিমা দাস

July 10, 2018 1:44 pm · এন ই নাও নিউজ

অতি কঠোৰ সংগ্ৰামৰ মাজেৰে এটাৰ পাছত আন এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা অসমৰ হিমা দাস আজি ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব জুনিয়ৰ এথলেটিক চেম্পিয়শ্বিপত ফেভাৰিট হৈ অৱৰ্তীৰ্ণ হ’ব।

আজিৰ পৰা ১৫ জুলাইলৈকে চলিব লগীয়া উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে যোৱা ৭ জুলাইতে তেওঁ ফিনলেণ্ডত উপস্থিত হয়। ১৮ বছৰীয়া হিমাই প্ৰতিযোগিতাখনৰ অনুৰ্ধ্ব ২০ৰ মহিলাৰ ৪০০ মিটাৰ  শাখাত ভাগ ল’ব।

এই প্ৰতিযোগিতাৰ পিছত তেওঁ এছিয়ান গেইমছৰ প্ৰস্তুতিৰ বাবে ইউক্ৰেইনলৈ যাব আৰু ইউক্ৰেইনৰ পৰাই ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেইমচত ভাৰতৰ হৈ অংশগ্রহণ কৰিব। তোৰোপৰি হিমা দাসে ইণ্ডোনিছিয়াত ১৮ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ’ব লগীয়া এছিয়ান গেমচতো অংশ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে গুৱাহাটী সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক প্ৰতিযোগিতাত হিমাই দুশ মিটাৰ দৌৰত ২৩.১০ ছেকেণ্ড আৰু চাৰিশ মিটাৰত ৫১.১৩ ছেকেণ্ড সময়ৰে দুটাকৈ স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল।

Related News