আজি মণিপুৰ আহিব প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

modipm

প্ৰধান মন্ত্ৰী মোদী

আজি মণিপুৰলৈ আহিব প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। মণিপুৰ বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত হ’বলগীয়া ‘ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ’ৰ ১০৫ সংখ্যক অধিৱেশনত প্রধান মন্ত্ৰীয়ে উদ্বোধনী ভাষন প্ৰদান কৰিব।

উল্লেখযোগ্য যে ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইম্ফল হ’ব উত্তৰ-পূবৰ দ্বিতীয়খন ৰাজ্য। ইয়াৰ পুৰ্বে২০০৯ চনত শ্বিলঙত এই সন্মানীয় অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল।

জানিব পৰা মতে এইবাৰৰ অধিৱেশন ১৬ৰ পৰা ২০ মাৰ্চলৈকে চলিব। ইয়াত সমগ্ৰ দেশৰে প্ৰায় ৫০০০ৰ পৰা ৬০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উক্ত ভ্ৰমনসূচীৰ অংশ হিচাপে তেওঁ ৰাজ্যখনত নিৰ্মাণ হ’বলগীয়া ১০০০ অংগনবাড়ি কেন্দ্ৰৰ বাবে আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ উপৰি তেওঁ লুৱাংছাংবামত ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, লুৱাংপোকপা বহুমুখী ক্ৰিয়া প্ৰকল্প আৰু মণিপুৰৰ মুক্তি যুঁজাৰু ৰাণী গাইডীলুৰ আৱক্ষ্য মূৰ্তীৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে।

প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিবৃতি অনুসৰি, পশ্চিম ইম্ফল জিলাৰ লুৱাংছাংবামত প্ৰধান মন্ত্ৰী গৰাকীয়ে এখন জনসভাক সম্বোধন কৰিব।

আনহাতে প্ৰধান মন্ত্ৰী গৰাকীৰ ভ্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ইম্ফলৰ লগতে সমগ্ৰ মণিপুৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।