NORTHEAST NOW (Assamese)

আজি ৪০০ মিটাৰ শাখাত স্বৰ্ণ জয়ৰ লক্ষ্যৰে সৰুসজাইৰ ট্ৰেকত নামিব ‘ধিং এক্সপ্ৰেছ’ হিমা

June 29, 2018 10:54 am · এন ই নাও নিউজ
'ধিং এক্সপ্ৰেছ' হিমা দাস ফটো : য়ুবি

ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত সঘনাই বাতৰিৰ শিৰোনাম দখল কৰা চিৰপৰিচিত নাম হৈ পৰিছে হিমা দাস। ‘ধিং এক্সপ্ৰেছ’ ৰূপে ইতিমধ্যে জনাজাত হৈ পৰা হিমাই এটাৰ পাছত আন এটা সফলতা অৰ্জন কৰাৰ পাছত আজি ৫৮ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছৰ মহিলাৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেলত অৱতীৰ্ণ হ’ব।

উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্ৰতিযোগিতাখনত ইতিমধ্যে যোৱা বুধবাৰে ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰি অসমৰ হিমা দাসে স্বৰ্ণীল যাত্ৰা অব্যাহত ৰাখিছে।

বৃহস্পতিবাৰে পুৱা অনুষ্ঠিত ৪০০ মিটাৰৰ হিটছত ৫৩.৪৯ ছেকেণ্ডেৰে তেওঁ ফাইনেললৈ অগ্ৰসৰ হয়। আৰু সেইদৰে আজি বিয়লি ৬.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত হিমাই ৫ নম্বৰ লেনত স্বৰ্ণ জয়ৰ লগতে ৪০০ মিটাৰ শাখাটো এছিয়ান গেমইছত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব।

এছিয়ান গেইমছৰ বাবে যোগ্যতা নিৰ্ণায়ক সময় ধাৰ্য কৰা হৈছে ৫২.৪৭ মিনিট। ইফালে অসমৰ আন খেলুৱৈৰ ভিতৰত ১০০ মিটাৰ দৌৰত নিবেদিতা বৰ্মনে ১২.৫৭ ছেকেণ্ডেৰে হিটছত পঞ্চম স্থান আৰু মণিকাঞ্চন নাথে ১৩.২২ ছেকেণ্ডেৰে প্ৰতিযোগিতাৰ পৰা বিদায় লয়।

Related News