কালি গোলাঘাট জিলাৰ বগীধল চাহ বাগিচাৰ মালিক ক্ৰমে সমীৰ ৰয় আৰু সুধীৰ ৰয়ে প্ৰাপ্য দৰমহা, তথা বাকী থকা বোনাছ আদায়ৰ বাবে আলোচনা কৰিবলৈ অহা শ্ৰমিকৰ ওপৰত গুলী চলোৱাৰ ঘটনাৰ প্ৰতিবাদত আজি আটছাই ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধৰ আহ্বান দিছিল। এই বন্ধৰ ফলত জিলাখনৰ, বিশেষকৈ চহৰ অঞ্চলত স্বাভাৱিক জনজীৱনত প্ৰভাৱ পৰা পৰিলক্ষিত হ’ল। বন্ধৰ উপৰি আটছাই নুমলীগড় আৰু দেৰগাৱঁত ক্ৰমে ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে সকলো চাহ শ্ৰমিকক কামৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছিল। অপৰাধী মালিককেইজনক দৃষ্টান্তমূলক শাস্তি দিয়াৰো দাবী তোলে। সংগঠনটোৰ সদস্য সকলে আজি জিলাখনৰ বিভিন্ন ঠাইত পথৰ ওপৰত টায়াৰ জ্বলাই আৰু শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে কালিৰ এই দুৰ্ভাগ্যজনক আৰু চাঞ্চল্যকাৰী ঘটনাটোত ১৪ জনকৈ শ্ৰমিকে বুলেটৰ আঘাতত আহত হৈ চিকিৎসাধীন হ’ব লগীয়া হৈছিল। বন্ধৰ আহ্বানৰ ফলত জিলাখনৰ প্ৰায়বোৰ শিক্ষানুষ্ঠান, বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ থকাৰ লগতে যান-বাহনৰ চলাচলো তেনেই সেৰেঙা আছিল।
আনহাতে গোলাঘাট আৰক্ষীয়ে আজি গুলী চালনা কৰা বাবে কালি গ্ৰেপ্তাৰ কৰা, বগীধল বাগিচাৰ মালিক তথা অভিযুক্তদ্বয় সমীৰ ৰয় আৰু সুধীৰ ৰয়ক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। তেওঁলোকৰ বিৰুদ্ধে ৩০, ৩০৭ ধাৰাত গোচৰ ৰুজু কৰাৰ পিছত দুয়োকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি আটছাৰ সহকাৰী সাধাৰণ সম্পাদক ধীৰাজ গোৱালাই কয় যে দুৰ্ভাগ্যজনক ঘটনাটো ঘটিবলৈ পাইছিল সহকাৰী শ্ৰম আয়ুক্ত আৰু জিলা প্ৰশাসনৰ অৱহেলাৰ বাবে। জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বাগিচাখনৰ মালিকৰ সৈতে সুসম্পৰ্ক আছে। দুখীয়া চাহ শ্ৰমিকসকলে বাগিচাৰ এটা এটা সৰু জুপুৰিত কেনেকৈ জীৱন কটাইছে তেওঁলোকে কেতিয়াও নাভাবে। তেওঁলোকে এসাজ খাবৰ বাবেও সংগ্ৰাম কৰিব লগীয়া হয়। এইবুলি অভিযোগ কৰাৰ লগতে সংগঠনটোৱে ন্যায়িক দণ্ডাধীশ পৰ্য্যায়ত তদন্ত হোৱাটো বিচাৰিছে।