আন্তঃবিদ্যালয় ফুটবলত কঁঠালগুৰি উচ্চতৰ মাধ্যমিক, দিল্লী পাব্লিক স্কুল চেম্পিয়ন

-football-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

সপ্তম ডি এফ এ আন্তঃস্কুল ফুটবল প্ৰতিযোগিতাৰ মিনি ছাব জুনিয়ৰ শাখাত কঁঠালগুৰি উচ্চতৰ মাধ্যমিক স্কুল আৰু ছাব জুনিয়ৰ শাখাত দুলীয়াজানৰ দিল্লী পাব্লিক স্কুলে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে।

দুলীয়াজান ফুটবল একাডেমিৰ উদ্যোগত নেহৰু ময়দানত শনিবাৰে অনুষ্ঠিত মিনি ছাব জুনিয়ৰ গ্ৰুপৰ ফাইনেলত কঁঠালগুৰি স্কুলে ছেইণ্ট জেভিয়াৰ্ছ স্কুলক নূ্ন্যতম গ’লত পৰাস্ত কৰে।

প্ৰথমাৰ্থ গ’লশূন্যভাৱে সামৰণি পৰা মেচখনৰ দ্বিতীয়াৰ্ধৰ ১১ মিনিটত বিজয়ী দলৰ হৈ বিশাল টপ্ন’ই নিৰ্ণায়ক গ’লটো স্ক’ৰ কৰাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে। একে স্থানত অনুষ্ঠিত ছাব জুনিয়ৰ গ্ৰুপৰ ফাইনেলত দিল্লী পাব্লিক স্কুলে দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ক ২-০ গ’লত হৰুৱায়।

দ্বিতীয়াৰ্ধৰ ২৪ মিনিটত পৰশুৰাম থাপাই প্ৰথমটো আৰু ইয়াৰ ২ মিনিটৰ পাছতে দুৱেনজ্যোতি গগৈয়ে দ্বিতীয়টো গ’ল দি দলৰ বিজয় নিশ্চিত কৰে। কেন্দ্ৰীয় বিদ্যালয়ৰ অভিষেক ৰায়ে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বটাঁ লাভ কৰে।

টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বটাঁ লাভ কৰে ক্ৰমে মিনি ছাব জুনিয়ৰত দেৱ শংকৰ দত্ত আৰু ছাব জুনিয়ৰত পৰশুৰাম থাপাই। চূড়ান্ত খেলত অইল ইণ্ডিয়াৰ হৈ প্ৰাণজিৎ ডেকা, ৰাজীৱ বৰুৱা, সুদীপ্ত চক্ৰৱৰ্তী, ৰিতুপৰ্ণ শৰ্মা আদি ব্যক্তি উপস্থিত থাকে।