ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ ক্ষতিৰ অজুহাতত গণতান্ত্ৰিক আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ নিষিদ্ধ কৰিবলৈ যি আইন প্ৰণয়ন কৰিবলৈ লৈছে তাৰ অন্তৰ্নিহিত উদ্দেশ্যক লৈ প্ৰশ্ন উঠা দেখা গৈছে। চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ গুৰুত্বৰ কথা ক’লেও এইটো স্বাভাৱিকভাৱেই মানুহৰ চিন্তাৰ মাজলৈ আহিছে যে ইয়াৰ অন্তৰালত চৰকাৰবিৰোধী গণতান্ত্ৰিক আন্দোলনৰ বাটবোৰ বন্ধ কৰাৰ অংক আছে নেকি?
মন কৰিব লগীয়া যে চৰকাৰে অলপতে নাগৰিকৰ অসুবিধাৰ অজুহাতত গুৱাহাটীৰ মাজমজিয়াৰ দীঘলীপুখুৰীৰ পাৰত আন্দোলন-প্ৰতিবাদ কৰা নিষিদ্ধ কৰিছিল। এতিয়া বিধানসভাৰ আইন প্ৰণয়ন সমিতিয়ে গণতান্ত্ৰিক আন্দোলনত ছাত্ৰ-ছাত্ৰীক চামিল কৰাতো বাধা আৰোপ কৰিছে। এনেবোৰ কথাই চৰকাৰখনৰ ফেচিবাদী চৰিত্ৰক উদঙাই দিয়ে। চৰকাৰৰ গণবিৰোধী কাৰ্য্যকলাপৰ প্ৰতিবাদত কৰা গণতান্ত্ৰিক আন্দোলনবোৰক দমাই ৰাখিবলৈ চৰকাৰে বিভিন্ন কৌশলৰ সন্ধানত যে নামি পৰিছে নেকি? এইবোৰ তাৰেই প্ৰমাণ নেকি?
গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণৰ অধিকাৰ গণতান্ত্ৰিক দেশ এখনৰ যিকোনো স্তৰৰ নাগৰিকৰ থকাই উচিত। ছাত্ৰ-ছাত্ৰীয়ে যদি আন্দোলন কৰিব লগীয়া পৰিস্থিতি হয়, তাৰ বাবে জগৰীয়া কোন?
অন্য বিষয়ৰ কথা নক’লেও, শ্ৰেণীকোঠাৰ সৈতে জড়িত বিষয়বোৰতে ছাত্ৰ-ছাত্ৰী কেতিয়াবা সৰৱ লগীয়া হয়। আমাৰ ৰাজ্যত সময়ত কিতাপ নোপোৱা, উপযুক্ত শ্ৰেণীকোঠা নোপোৱা, পৰ্য্যাপ্ত শিক্ষক নথকা আদি এশ এবুৰি সমস্যাৰ মাজত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব লগীয়া হয়। বহুতো স্কুলত অংকৰ শিক্ষক, বিজ্ঞানৰ শিক্ষক, হিন্দী বা তেনেকুৱা বিশেষ বিষয়ৰ শিক্ষক নোহোৱাকৈয়ে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব লগীয়া হয়।
চৰকাৰে এইবোৰ সমস্যা নোহোৱা কৰিলে স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন-প্ৰতিবাদ কৰিব লগীয়াই নহয়। তাকে নকৰি আইন প্ৰণয়ন কৰি ছাত্ৰ-ছাত্ৰীৰ গণতান্ত্ৰিক অধিকাৰ জোৰজুলুম কাঢ়ি লোৱাটো শোভা নাপায়।
আনহাতে চৰকাৰে এনেকুৱাহে আইন প্ৰণয়ন কৰাৰ দৰকাৰ আছে, যি আইনত সময়ত পাঠ্যপুথি দিব নোৱাৰিলে তাৰ বাবে দায়বদ্ধ পক্ষবোৰক আইনী প্ৰক্ৰিয়াৰে বিচাৰৰ মাজলৈ অনা হ’ব আৰু সেই অনুসৰি শাস্তিৰ ব্যৱস্থা থাকিব। এনে কৰিলে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষতি কমিব। লগতে উপযুক্ত শ্ৰেণীকোঠা, উপযুক্ত অনাময় ব্যৱস্থা, উপযুক্ত অনুপাতৰ শিক্ষক লাভ কৰাটো ছাত্ৰ-ছাত্ৰীৰ মৌলিক অধিকাৰৰ ভিতৰুৱা কৰিব লাগে। পাঠদানৰ সময়ত শিক্ষক-শিক্ষয়িত্ৰীক নিৰ্বাচন আদিৰ কামত লগোৱা বন্ধ কৰাটোও সমানে গুৰুত্বপূৰ্ণ। কাচিত কেতিয়াবা আন্দোলনত অংশ গ্ৰহণ কৰাটোৱে ছাত্ৰ-ছাত্ৰীক যিমান ক্ষতি কৰিছে, পাঠ্যপুথি সময়ত নোপোৱা, উপযুক্ত শ্ৰেণীকোঠা নথকা, উপযুক্ত শিক্ষক নথকাটোৱে অধিক ক্ষতি কৰিছে।
চৰকাৰে আন্দোলন কৰিব লগীয়া এই পৰিস্থিতিবোৰ নোহোৱা কৰিলে আন্দোলন নিজেই নোহোৱা হ’ব। কাৰণ কোনেও ফূৰ্তিত আন্দোলন নকৰে।
কিন্তু তাকে নকৰি চৰকাৰে যদি গণতান্ত্ৰিক আন্দোলনৰ অধিকাৰ কাঢ়ি ৰাখে, কথাটো ফেচিবাদী চৰিত্ৰৰ নিচিনা হয়। গতিকে আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ অংশগ্রহণ নিষেধ কৰাতকৈ আন্দোলনৰ প্ৰয়োজন নোহোৱা কৰাহে যুগুত।
স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে আন্দোলনত অংশগ্ৰহণ কৰি তেওঁলোকৰ মূল্যৱান সময় নষ্ট কৰক –এইটো কোনেও নিবিচাৰে। কিন্তু আইন কৰি সেইটো বন্ধ কৰিব লগীয়া হ’ল কিয়- এই প্ৰশ্নটো নিশ্চয় প্ৰাসংগিক। ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্যক লৈও সেই কাৰণেই প্ৰশ্ন উঠিছে।