আফিন খেতিৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰাৰ

Governor meeting with GBs in Tezu

ড্ৰাগছ ব্যৱহাৰৰ ফলত গোটেই অঞ্চলৰে তথা সমাজ ব্যৱস্থা বেয়াকৈ ক্ষতিগ্ৰস্থ হয়। অৰুণাচল প্ৰদেশত বৃদ্ধি পোৱা  ৰাজ্যপাল ব্ৰিগেদিয়াৰ(অৱসৰপ্ৰাপ্ত) ড০ বি ডি মিশ্ৰাই তেজুৰ এখন জনসভাত অংশলৈ এই মন্তব্য কৰে।

ৰাজ্যপালগৰাকীয়ে সমাজৰ বাবে বিপদজনক তথা অবৈধ কাৰ্যকলাপত জড়িত থকা ব্যক্তিসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে। তেওঁ লগতে বিভিন্ন ধপাত জাতীয় সামগ্ৰীৰ খেতিসমূহ নষ্ট কৰাৰ কখাও উল্লেখ কৰে। সমাজৰ পৰা এই ধপাত জাতীয় সামগ্ৰীৰ লগতে ড্ৰাগছ নিৰ্মূল কৰিবলৈ হ’লে সমাজৰ সকলো শ্ৰেণীৰ লোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব।

জনসভাখনৰ জৰিয়তেই সকলো গাঁওবুঢ়া, পঞ্চায়তৰ সদস্য আৰু জন নেতাসকলক আফিনৰ খেতি বিনষ্ট কৰাত আৰক্ষী তথা জিলা প্ৰশাসনক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। উত্তৰ-পূবৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা বুলিও তেওঁ সদৰী কৰে।

ৰাজ্যপালগৰাকীয়ে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বাবে এটা সংক্ষিপ্ত নামাকৰণো কৰিছে। ‘ASTAM-NMM’ নামৰ এই সংক্ষিপ্ত নামটোৰ প্ৰথম পাঁচটা শব্দৰ সম্পূৰ্ণ অৰ্থ হ’ল অসম, ছিকিম,  ত্ৰিপুৰা, অৰুণাচল আৰু মেঘালয়। আনহাতে পিছৰ শব্দ তিনিটাই নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামক বুজাইছে। সংক্ষিপ্ত নামটোক ‘অষ্টম নামম’ ৰূপে উচ্চাৰণ কৰিবলৈ ৰাজ্যপাল গৰাকীয়ে সকলোকে কয়।

এই আঁচনি সমূহ সাফল্যমণ্ডিত কৰিবলৈ তথা সকলো শ্ৰেণীৰ লোকে যাতে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ আটাইবোৰ সুবিধা গ্ৰহণ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ বিষয়াকে সচেতন হ’বলৈ আহ্বান জনায়।

ৰাজ্যপালগৰাকীয়ে তেজুত উপস্থিত হৈয়ে ইণ্ডিৰা গান্ধী চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক মত-বিনিময় অনুষ্ঠানত অংশ লয়। মত-বিনিময় অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰা পৰিলক্ষিত হয়। লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলক ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ পৰিয়ালৰ সদস্যৰ দৰে ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়।

ইয়াৰ উপৰি ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ড্ৰাগছ সেৱনৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ বাবেও গভীৰ উদ্বেগ প্ৰকাশ কৰে।