আমগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ নেতাৰ দ্বাৰা যান-বাহনৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

coronavirus on banknote

প্ৰতীকী ছবি।

শিৱসাগৰ জিলাৰ আমগুৰিৰ ৬১ নং ৰাজপথত নিশাৰ ভাগত লালিগুৰ পৰিবাহী যান-বাহনৰ পৰা একাংশ দুষ্কৃতিকাৰীয়ে নিশাৰ ভাগত আন্ধাৰৰ সুযোগ লৈ তালাচীৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে।

এই তালাচীৰ নামত ধন সংগ্ৰহৰ কাৰ্য আগশাৰীৰ ছাত্ৰ সংগঠন এটাৰ এজন স্থানীয় নেতাৰ নেতৃত্বত চলা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে শুকুৰবাৰে নিশা ৰঙা ৰঙৰ মাৰুতি ৮০০ গাড়ীত অহা এই ছাত্ৰনেতাৰ দলটোৱে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৃন্দাবন চাৰিআলিৰ সমীপত তালাচী চকী পাতি এখন বলেৰ’ পিকআপ বাহন আবদ্ধ কৰে। আৰু পিছত এক মোটা অংকৰ ধনৰ বিনিময়ত বলেৰ’খন এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে কোনো লোকে এই ঘটনা সম্পৰ্কে আমগুৰি আৰক্ষীক অৱগত কৰাত আৰক্ষী তাৎক্ষণিকভাৱে গৈ ঘটনাস্থলীত উপস্থিত হয়। কিন্তু আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই ছাত্ৰ নেতাৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

অৱশ্যে আৰক্ষীয়ে দুষ্কতিকাৰী দলটোৱে ব্যৱহাৰ কৰা মাৰুতি খনৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ইফালে আৰক্ষীৰ নৈশ তহলদাৰী গোটৰ নিয়মীয়া তহলৰ মাজতো এটা বৃহৎ ছাত্ৰ সংগঠনৰ স্থানীয় নেতাই নিশা ৰাজপথত সমান্তৰাল তালাচী চকী স্থাপন কৰি যানবাহনৰ পৰা ধন সংগ্ৰহ কৰা ঘটনাই জনসাধাৰণৰ চকু কপালত তুলিছে।