মেঘালয় বিধানসভাৰ বিৰোধী দলৰ নেতা ড০ মুকুল চাংমাই ১৯৯৩ চনৰ পৰা প্ৰতিনিধিত্ব কৰি অহা আমপাটি সমষ্টিৰ বিধায়কৰ পদৰ পৰা পদত্যাগ কৰিছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ড০ চাংমাই সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত চংচাক আৰু আমপাটি দুয়োটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰি দুয়োটাতেই বিজয়ী হৈছিল।
উল্লেখযোগ্য যে চংচাক আৰু আমপাটি দুয়োটা সমষ্টিৰ পৰাই বিজয়ী হৈ অহা প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে দুয়োটা সমষ্টিৰ ভিতৰত কোনটোক প্ৰতিনিধিত্ব কৰিব আৰু কোনটো সমষ্টিক এৰি দিব তাকে লৈ চলি থকা গুণা-গঁথা চলি আছিল। বিধানসভাৰ অধ্যক্ষ ড০ ডংকুপাৰ ৰয়ৰ হাতত আজি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে নিজৰ পদত্যাগ পত্ৰ জমা দিয়ে।
পদত্যাগ পত্ৰ জমা দিবলৈ অধ্যক্ষৰ কোঠালৈ তেওঁক আগ বঢ়াই লৈ যায় কংগ্ৰেছৰ বিধায়কৰ এটা দলসহ তেওঁৰ সহধৰ্মিণী ডিককানচি শ্বিৰাই।
মন কৰিব লগীয়া যে কিছুদিন পূৰ্বে প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ ঘনিষ্ঠ মহলৰ পৰা কোৱা হৈছিল যে চাংমাই আমপাটি সমষ্টিটো এৰি দি ডাঙৰ জীয়েক মিয়ানি ডি শ্বিৰাক ৰাজনৈতিক অভিষেক ঘটোৱাৰ বাবে সুযোগৰ সৃষ্টি কৰিব । মিয়ানিয়ে এই সমষ্টিটোতেই কংগ্ৰেছ দলৰ টিকটত নিজৰ ৰাজনৈতিক জীৱনৰ অভিষেক ঘটাব বুলি ঘনিষ্ঠ সূত্ৰটোত প্ৰকাশিত হৈছিল।
উল্লেখ্য যে কংগ্ৰেছ দলটো একক সংখ্যগৰিষ্ঠ দল হিচাপে নিৰ্বাচনত বিজয়ী হৈ অহা সত্ত্বেও ৰাজ্যখন এন পি পি আৰু বিজেপিৰ মিত্ৰজোঁটহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।