NORTHEAST NOW (Assamese)

আমপাতি সমষ্টিত শেষ হাঁহি মাৰিলে কংগ্ৰেছে, সলনি হোৱাৰ সম্ভাৱনা ৰাজনৈতিক প্ৰেক্ষাপট

May 31, 2018 12:42 pm · এন ই নাও নিউজ
আমপাতি সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাচত মিয়ানি আৰু কনৰাড চাংমা, ২৮ মে' ২০১৮ত

কিছু সময় পূৰ্বে ঘোষণা হোৱা আমপাতি সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী বিজয়ী হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থী মিয়ানি ডি শ্বিৰাই প্ৰায় ৩,০০০ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছে।

এই বিপুল বিজয়েৰে মুকুল চাংমাৰ জীয়ৰী মিয়ানি ডি  শ্বিৰাই পিতৃ মুকুল চাংমাৰ দুৰ্গ হিচাপে খ্যাত আমপাতি সমষ্টিত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ ২৫ বছৰীয়া প্ৰতিনিধিত্বৰ পৰৱৰ্তী ইতিহাসৰ এটা নতুন অধ্যায়ৰ সূচনা কৰিলে।

ভোট গণনা শেষ হোৱাৰ পাছত নেশ্যনেল পীপ্‌ল’ছ পাৰ্টিৰ (এন পি পি) প্ৰাৰ্থী ক্লিমেণ্ট জি মোমিনে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী সুভংকৰ কোচে বিৰাট ব্যৱধানত তৃতীয় স্থান লাভ কৰিছে।

উল্লেখ্য যে সোমবাৰে অনুষ্ঠিত আমপাতি বিধানসভাৰ নিৰ্বাচনত ৯০.৪২ শতাংশ নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

অতি বিশিষ্ট আমপাতি সমষ্টিটো নিজৰ দখললৈ আনাৰ বাবে সদ্য সমাপ্ত উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু এন পি পি দুয়োটা দলৰে প্ৰখ্যাত নেতাসকলে প্ৰৱল নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছিল।

উল্লেখ্য যে বহু বছৰ ধৰি প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাই বিজয়ী হৈ অহা আমপাতি সমষ্টিটো নিজৰ দখলত ৰখাটো কংগ্ৰেছৰ বাবে এটা সন্মানৰ প্ৰশ্ন হৈ পৰিছিল আৰু এন পি পিয়ে এই আসনখন অধিকাৰ কৰি নিজৰ ভেটি সুদৃঢ় কৰিব বিচাৰিছিল।

শ্বিৰাই ৩,১৯১ টা ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীক পৰাস্ত কৰিছে। শ্বিৰাই সৰ্বমুঠ ১৪,২৫৯ টা, মোমিনে ১১,০৬৮টা আৰু নিৰ্দসীয় প্ৰাৰ্থী শুভংকৰ কোচে ৩৬০টা ভোট লাভ কৰিছে। আনহাতে নোটাৰ সপক্ষে ভোট দিছে ২০৮ গৰাকী ভোটাৰে।

ডাক ভোট গণনাৰ পৰাই দ্বিতীয় ৰাউণ্ডটোক বাদ দি পঞ্চম ৰাউণ্ডৰ আটাইকেইটা ৰাউণ্ডতেই শ্বিৰাই অগ্ৰগতি লাভ কৰি আছিল।

আমপাতি উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগলৈকে মেঘালয়ত কংগ্ৰেছ আৰু এন পি পিৰ আসনৰ সংখ্যা আছিল ২০ খনকৈ। এন পি পি দলটো মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বাধীন মেঘালয় ডেমক্ৰেটিক এলায়েঞ্চৰ নেতৃত্বত আছে।

এই বিজয়ৰে ২১খন আসনৰ অধিকাৰী হৈ কংগ্ৰেছ দল মেঘালয়ত একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছে। সেয়েহে কংগ্ৰেছে চৰকাৰ গঠনত অংশীদাৰিত্ব দাবী কৰাৰ ন্যায়সংগত অধিকাৰ লাভ কৰিছে।

অৱশ্যে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ অগ্ৰসৰ হ’বনে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Related News