আমি গৌৰৱোজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়িছো: নৰেন্দ্ৰ মোডী

Science-congress-570x320

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ইম্ফলৰ মণিপুৰ বিশ্ববিদ্যালয়ত ইণ্ডিয়ান চায়েন্স কংগ্ৰেছৰ ১০৫তম অধিৱেশনখন আনুষ্ঠানিকভাৱে মুকলি কৰে।

সমগ্ৰ দেশৰে বিজ্ঞানী আৰু শিক্ষাবিদসকলৰ সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁ দৃঢ় বিশ্বাসী যে ‘’আমাৰ বৈজ্ঞানিকসকলৰ উৎসৰ্গিত প্ৰচেষ্টাৰ জৰিয়তে আমি গৌৰৱোজ্বল ভৱিষ্যতৰ দিশে আগবাঢ়িছো।‘’

‘’ভাৰতৰ এক চহকী পৰম্পৰা আছে আৰু আৱিস্কাৰ তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ এক দীঘলীয়া ইতিহাস আছে। এইক্ষেত্ৰত আগশাৰীৰ দেশসমূহৰ মাজত আমাৰ উপযুক্ত স্থান বিচৰাৰ সময় আহিছে। মই বৈজ্ঞানিক সম্প্ৰদায়ক তেওঁলোকৰ গৱেষণা লেবৰটৰীৰ পৰা প্ৰকৃতিৰ মাজলৈ সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনাইছো,’’-তেওঁ কয়।

মোডীয়ে লগতে কয়, ‘’ আমি ৰাষ্ট্ৰৰ সমৃদ্ধি আৰু বিকাশৰ বাবে গুৰুত্বপূৰ্ণ  প্ৰযুক্তিৰ ৰূপায়নৰ ভৱিষ্যতে সাজু হ’বৰ হ’ল। আমাৰ নাগৰিকসকলৰ বাবে শিক্ষা, স্বাস্থ্যসেৱা আৰু বেংক খণ্ডৰ দৰে সেৱাসমূহত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।‘’

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২২ চনৰ ভিতৰত সৌৰ শক্তিক ব্যাপক ৰূপত প্ৰৱৰ্তন কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। বৰ্তমান বজাৰত প্ৰায় ১৭ ৰপৰা ১৮ শতাংশ সৌৰ সামগ্ৰী পৰ্যাপ্ত পোৱা যায়।

‘’আমাৰ বিজ্ঞানীসকলে অধিক উপযুক্ত সৌৰ সৰঞ্জাম প্ৰস্তুত কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিবনে যিবোৰ আমাৰ ভাৰতত একেই খৰচতে উৎপাদন কৰিব পৰা যায়?’’-প্ৰধানমন্ত্ৰীয়ে সমৱেত সুধীবৃন্দক প্ৰশ্ন কৰে।

মোডীয়ে লগতে ‘প্ৰধান মন্ত্ৰী’ৰ গৱেষণা জলপানি আঁচনি অনুমোদনৰ কথাও ঘোষণা কৰে।

এই আঁচনিৰ জৰিয়তে দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই এছ চি, আই আই টি, এন আই টি, আই আই এছ ই আৰ আৰু আই আই আই টিৰ ‘ব্ৰাইট মাইণ্ড’ শিক্ষাৰ্থীসকলক পি এইচ ডি কৰিবলৈ প্ৰত্যক্ষ প্ৰৱেশৰ সুবিধা দিব।

ইয়াৰ ফলত দেশৰ পৰা ব্ৰেইন ড্ৰেইনৰ সমস্যা ৰোধ হোৱাত সহায়ক হ’ব বুলি নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে।

তেওঁ লগতে কয় যে চৰকাৰে দেশত মুখ্য শক্তি উৎসৰ ভিতৰত অ-জীৱাশ্ম ইন্ধন ভিত্তিক সামৰ্থ্যৰ অংশ ২০৩০ চনৰ ভিতৰত ৪০ শতাংশৰ অধিক কৰাৰ সংকল্প লৈছে।

‘আমি শিশুসকলৰ বাবে প্ৰতিষ্ঠান আৰু গৱেষণা লেবৰটৰী মুকলি কৰিব লাগে’ বুলিও কয় মোদীয়ে।

মোডীয়ে উপস্থিত জনসাধাৰণক উদ্দেশ্যি আৰু কয় যে উত্তৰ-পূবত থকা প্ৰচুৰ পৰিমানৰ বনৌষধিৰ ওপৰত গৱেষণা কৰাত সহায়ক হোৱাৰ বাবে মণিপুৰত এখন এথন’ মেডিচিনেল ৰিচাৰ্ছ চেণ্টাৰো সংস্থাপন কৰা হ’ব।

ইয়াৰ উপৰি উত্তৰ-পূবৰ সাতখন ৰাজ্যত জলাবায়ু পৰিৱৰ্তন কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব বুলি প্ৰধান মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

আনহাতে মণিপুৰত অনুষ্ঠিত হোৱা ইণ্ডিয়ান চায়েন্স কংগ্ৰেছৰ অধিৱেশনখন  দ্বিতীয়বাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত হৈছে।

ইফালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে ৰাজ্যখনৰ ৰাজ্যপাল নাজমা হেপতুল্লাহ, মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ লগতে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিষয়াসকলে উষ্ম আদৰণি জনায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লুৱাঙপকপা মাল্টি স্পোৰ্টছ কমপ্লেক্সৰো শুভ উদ্বোধন কৰে।

ইয়াৰ উপৰি মোদীয়ে নেশ্যনেল স্পোৰ্টছ য়ুনিভাৰ্ছিটি, অংগনবাড়ী কেন্দ্ৰ, শিক্ষক, চিকিৎসক, নাৰ্ছৰ আৱাসিক কমপ্লেক্সৰ লগতে বহুটো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।

ইয়াৰ উপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন জনসভাতো অংশ লোৱা বুলি জানিব পৰা গৈছে।