• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফাৰ চহিদ দিৱস: নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰি যোৱাৰ সংকল্প

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2018 11:35 pm
ulfa assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ চহিদসকললৈ’ শ্ৰদ্ধাঞ্জলিৰে ‘নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি যোৱাৰ সংকল্পৰে’ আজি ২৭ জুলাইত তিনিচুকীয়াৰ কাকপথাৰস্থিত ডেজিগনে’টেদ শিবিৰত আলফাৰ ২৭ সংখ্যক চহিদ দিৱস পালন কৰে আলোচনাপন্থী আলফা গোটে।

‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱালৈকে বিৰোধিতা কৰি যাম আমি,’ চহিদ দিৱসত ঘোষণা আলফা নেতা প্ৰবাল নেওগৰ।

আনহাতে নাগৰিকত্ব বিধেয়ক গৃহীত হ’লে ভাৰত চৰকাৰৰ লগত হৈ থকা আলফাৰ আলোচনাৰ কোনো মূল্য নাথাকিব বুলি মত প্ৰকাশ কৰে আলফা নেতা জিতেন দত্তই। এই বিধেয়ক গৃ্হীত হ’লে পুনৰ অস্ত্ৰ তুলি লোৱাৰো বিকল্প নাথাকিব বুলিও পূৰ্বৰ দৰেই দত্তই মন্তব্য কৰে।

‘প্ৰয়োজন হ’লে পুনৰ অস্ত্ৰ তুলি ল’ম। স্ব-জাতিৰ বাবে প্ৰয়োজনত আলোচনা ত্যাগ কৰিম,’ কেডাৰ্সকলক সম্বুধি দিয়া ভাষণত দত্তৰ হুংকাৰ।

প্ৰবাল নেওগ, জিতেন দত্তৰ লগতে আজিৰ চহিদ দিৱসৰ কাৰ্য্যসূচীত অন্টু চাউদাং, জোন ভূঞা আদি নেতাৰ লগতে আন সদস্যসকলেও অংশ গ্ৰহণ কৰে।

আনহাতে নলবাৰীৰ টিহুত থকা আলফাৰ নৱনিৰ্মাণ কেন্দ্ৰত আয়োজিত চহিদ দিৱসত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়া, উপ সভাপতি প্ৰদীপ গগৈ, বৈদেশিক সচিব শশ চৌধুৰী, উপ মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, বিজু ডেকা আদি নেতাৰ লগতে কেডাৰসকলে ভাগ লয়।

বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন কৰিব খুজিলে আকৌ যুঁজিম বুলি চহিদ দিৱসত মন্তব্য কৰে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই।

১৯৯১ চনৰ ২৭ জুলাইৰ দিনটোতে দৰঙ জিলাৰ দিপীলাত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে পথাৰত দৌৰিবলৈ দি পিছফালৰ পৰা গুলীয়াই ৫ জনকৈ নিৰীহ গঞাক হত্যা কৰিছিল।

মৃত্যুক সাৱটি লৈছিল গণেশ ডেকা, চন্দ্ৰ বৰুৱা, কৰুণা কলিতা, কেশৱ ডেকা আৰু প্ৰমোদ কলিতাই।

তেতিয়াৰে পৰা আলফাই প্ৰতিবছৰে এই দিনটো চহিদ দিৱস হিচাপে পালন কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm
‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

August 20, 2025 3:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd