আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ বাসগৃহত শোকাকুল পৰিবেশ : বুলেটপ্ৰূফ জেকেটক লৈ ৰহস্য

DcXMK0NVMAIfCG-

শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাত বৰডুমচা থানাৰ অৰ্ন্তগত খজুৱা পথাৰত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ শ্বহীদ হয় বৰডুমছা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতা। আলফা স্বাধীনৰ সদস্য উদয় অসমৰ নেতৃত্বত বাহৰ পাতি থকা দলৰ সৈতে মুখামুখি সংঘৰ্ষৰ পৰিনতিত মৃত্যুক আকোঁৱালি লৈছিল ভাস্কৰ কলিতাই।

আজাৰা থানাৰ ঘৰ আজাৰা থানাৰ অৰ্ন্তগত পলাশবাৰী মাজিৰগাঁৱৰ শ্বহীদ ভাস্কৰ কলিতাৰ ঘৰত এতিয়া শোকাকুল পৰিবেশে বিৰাজ কৰিছে। অতিকৈ সৰলমনা  ভাস্কৰ কলিতাৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। মাজিৰগাঁৱৰ শ্বহীদ গৰাকীৰ ঘৰত এতিয়া পত্নীকে ধৰি সকলো আত্মীয় আৰু কলিতাৰ পিতৃ শোকত ভাগি পৰিছে।

তিনিচুকীয়াৰ বৰডুমচাত আলফা(স্বাঃ)ৰে সংঘৰ্ষত প্ৰাণ আহুতি দিয়া সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি শ্বহীদ হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুত গভীৰভাৱে মৰ্মাহত হৈছো। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো।‘’

তেওঁ লগতে কয় যে ‘’ৰাজ্যখনত বিশৃংখলতাৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰা কোনোধৰণৰ সন্ত্ৰাসবাদী কাৰ্য-কলাপক কেতিয়াও প্ৰশ্ৰয় দিয়া নহ’ব। অসমৰ সৰ্বাংগীণ বিকাশৰ পথত বাধা দিব খোজা এই অপশক্তিবোৰক কঠোৰ হাতেৰে দমন কৰিবলৈ ৰাজ্য চৰকাৰ দৃঢ়প্ৰতিজ্ঞ।”

এক সূত্ৰৰ মতে সংঘৰ্ষৰ সময়ত সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাই বুলেটপ্ৰূফ জেকেট পৰিধান কৰি আছিল। কিন্তু এই বুলেটপ্ৰূফ জেকেট ভেদি আলফাৰ গুলীয়ে প্ৰাণ ল’লে ভাস্কৰ কলিতাৰ।

এতিয়া এই বুলেট প্ৰূফ জেকেটক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। বুলেট প্ৰূফ পৰিধান কৰাৰ পিছতো যদি বুলেটে শৰীৰ ভেদ কৰিব পাৰে তেতিয়াহ’লে বুলেটপ্ৰূফৰ প্ৰয়োজনেই বা ক’ত? এই জেকেট যোগান ধৰা কোম্পানীৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা হৈছে।