‘দেশৰ উৎকৃষ্টমানৰ আশীৰ্বাদ আটাত কোনোধৰণৰ প্লাষ্টিক নাই। যাক প্ৰ’টিন বুলি কোৱা হৈছে সেয়া আচলতে হোৱেট প্ৰটিন আৰু ই আটাৰ অন্যতম অংগ।’ আজি মহানগৰীৰ নভ’টেল হোটেলত সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰে খাদ্য বিভাগৰ আই টি চিৰ ডিভিজনেল মুখ্য কাৰ্য্যবাহী হেমন্ত মালিকে।
কেইদিনমান পূৰ্বে আশীৰ্বাদ আটাত প্লাষ্টিক থকা বুলি চ’ছিয়েল মেডিয়াত এটি ভিডিঅ’ প্ৰচাৰ হৈছিল। তাৰ পিছৰে পৰা দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আৰ্শীবাদ আটা ক্ৰয় কৰাৰ ক্ষেত্ৰত ভিত্তিগ্ৰস্ত হৈছিল।
আনহাতে প্ৰচাৰিত এই ভিডিঅ’টি ভুল তথ্য সম্বলিত বুলি উল্লেখ কৰি হেমন্ত মালিকে কয় ‘’দেশৰ প্ৰায় ২.৫ কোটি পৰিয়ালে এই আশীৰ্বাদ আটা ব্যৱহাৰ কৰি আছে। এই আটা উৎকৃষ্ট ঘেঁহুৰ পৰা প্ৰস্তুত কৰা হয়। লগতে আশীৰ্বাদ আটাই সদায় কৃষকৰ পৰা গ্ৰাহকলৈ লাভ প্ৰদান কৰাৰ বাবে কাম কৰি আহিছে। সেয়েহে আমি গ্ৰাহকক এই ভিডিঅ’ৰ পৰা প্ৰভাবিত নহ’বৰ বাবে অনুৰোধ জনাইছো।‘’
আনহাতে সেই সংবাদ মেলতে উপস্থিত থকা জে পি টেণ্ডনে কয় ‘’ চ’ছিয়েল মেডিয়াত সম্প্ৰচাৰিত এই ভিডিঅ’টোৰ জৰিয়তে আশীৰ্বাদ আটাৰ বিৰুদ্ধে এক অপ-প্ৰচাৰ চলাব বিচৰা হৈছে। ঘেঁহু, ৰে, বাৰ্লি আদিত প্ৰাকৃতিকভাবেই গ্ল’টেন উৎপন্ন হয় আৰু ইয়াক ইলাষ্টিচিটি প্ৰদান কৰে। এফ এছ এছ এ আইৰ নিয়ম অনুসৰি আটাত ন্যূনতম এই গ্ল’টেন নামৰ প্ৰ’টিনবিধ ৬ শতাংশ থাকিব লাগে, অন্যথা ইয়াক নিম্নমানৰ গণ্য কৰা হয়।‘’
ইয়াৰোপৰি তেওঁ কয় যে বাংগালোৰুৰ চিভিল কোৰ্টে শেহতীয়াকৈ আই টি চিৰ সমৰ্থনত ৰায়দান কৰি এই ভিডিঅ’টোৰ প্ৰচাৰত বাধা আৰোপ কৰিছে।