মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত প্ৰথমবাৰৰ বাবে পাঁচ দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু প্ৰশিক্ষণ আলোচনাচক্ৰ আৰম্ভ হৈছে। সোমবাৰে এই আলোচনাচক্ৰখন খুমান লামপাক ক্ৰীড়া চৌহদ (Khuman Lampak Sports Complex) অৱস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)ৰ অন্তৰ্গত স্পিচিয়েল গেমছ অডিটৰিয়ামত উন্মোচন কৰা হয়।
এই আলোচনাচক্ৰখন খুমান লামপাক ক্ৰীড়া চৌহদত অৱস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু মণিপুৰ অলিম্পিক হলৰ সহযোগিতাত ভাৰতীয় উশ্বু সন্থাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হয়। এই আলোচনাচক্ৰখন মে’ মাহৰ ২১ৰ পৰা ২৫ তাৰিখলৈকে চলি থাকিব।
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া সচিব ববী ৱাইখম, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ-পূব প্ৰাদেশিক সঞ্চালক ফ্ৰেঞ্চিছ মাৰৱিন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক কে ৰাধাকুমাৰ আৰু ভাৰতীয় উশ্বু সন্থাৰ কৰমকৰ্তাসকলে এই আলোচনাচক্ৰকখনত অংশগ্ৰহণ কৰে।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বি,য়ববীয়সকলৰ তৰফৰ পৰা জনোৱা হৈছে এছিয়ান গেমছ আৰু অন্যন্য আন্তঃজাতিক প্ৰতিযোগিতাত সোণৰ পদক লাব কৰাৰ লক্ষ্যেৰে যে কেন্দ্ৰীয় কৰ্তৃপক্ষৰ সাহাৰ্যত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ-পূব প্ৰাদেশিক কেন্দ্ৰৰ ইম্ফল কেন্দ্ৰই এই আলোচনাচক্ৰখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল।
ইম্ফলৰ উশ্বু প্ৰশিক্ষক এম প্ৰেমকুমাৰে কৈছে যে তেওঁলোকে কনিষ্ঠ শাখাত বিশ্ব আৰু এছিয়ান চেম্পিয়ন সৃষ্টি কৰিব পাৰিছে। তেওঁ আৰু কয় যে সেয়েহে তেওঁলোকৰ লক্ষ্য হৈছে জ্যেষ্ঠ শাখাত এছিয়ান চেম্পিয়ন সৃষ্টি কৰা আৰু যদিহে এই ক্ৰীড়াক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হয়, তেন্তে অলিম্পিক চেম্পিয়নো সৃষ্ট কৰাটো।
১৯৮০ চনৰ শেষৰ ফালে আমাৰ দেশত উশ্বু জনপ্ৰিয়তা লাভ কৰাৰ পাছৰে পৰাই অকল মণিপুৰৰ ৫০০ উশ্বু খেলুৱৈক ধৰি সমগ্ৰ দেশতে ১৫,০০০ৰো অধিক উশ্বু খেলুৱৈ নিশ্চয় আছে। এই পৰ্যন্ত দেশখনত ২৬খন জেষ্ঠ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰ অন্য ছাব জুনিয়ৰ আৰু জুনিয়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।
উশ্বুক ভাৰতৰ যুৱ পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ভাৰতীয় অলিম্পিক সংস্থাই ১৯৯৩ চনত স্বীকৃতি প্ৰদান কৰে। প্ৰখ্যাত উশ্বু খেলুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত মণিপুৰ ভাৰতৰ প্ৰথমখন ৰাজ্য। মণিপুৰেই ভাৰতৰ প্ৰথম তিনিগৰাকী অৰ্জুন বঁটা বিজয়ী উশ্বু খেলুৱৈক সৃষ্টি কৰিছে, তেওঁলোক হৈছে ডব্লিউ সন্ধ্যাৰাণী, (২০১১), এম বিমলজীৎ (২০১২) আৰু ৱাই ছানাথই (২০১৪)। এই ক্ৰীড়াবিধত আগবাঢ়ি থকা মণিপুৰৰ পাছত অন্য ৰাজ্যসমূহ হৈছে হাৰিয়ানা, দিল্লী, মধ্য প্ৰদেশ ইত্যাদি। মিপুৰৰ পাছত উত্তৰ-পূবৰ অন্য ৰাজ্যসমূহ হৈছে অসম আৰু মেঘালয়।
পাঁচ দিনীয়া ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সম্পাদন কৰিব চীনৰ পৰা অহা অধ্যাপক জেং ফাঙে। অধ্যাপক জেং ফাং বেইজি স্পৰ্টছ ইউনিভাৰছিটিৰ অধ্যাপক লি কিয়াওলিং, চেংদু ইন্সিটিউট অব ফিজিকেল এড্যুকেশ্যনৰ ঝাং জিয়ৈও উ, গুৱাংচি উশ্বু টীমৰ কিন ৰানকং আৰু ৱাহান ইন্সচিটিউট অব ফিজিকেল ইড্যুকেশ্যনৰৰ লিয়াং য়াডগঙেৰে গঠিত উশ্বু বিশেষজ্ঞৰ দলটোৰ নেতৃত্বত আছে।