ইম্ফলৰ গ্ৰেণেড বিস্ফোৰণত আহত দুজনকৈ অসম ৰাইফলছৰ জোৱান

Representative image

সোমবাৰে সন্ধিয়া মণিপুৰৰ ইম্ফলত সংঘটিত এটি গ্ৰেণেড বিস্ফোৰণত অসম ৰাইফলছৰ দুজনকৈ লোক আহত হয়। বিস্ফোৰণটো সংঘটিত হয় ইম্ফলস্থিত আটাইতকৈ পুৰণি পল’ গ্ৰাউণ্ডত সন্ধিয়া প্ৰায় ৫.৩০ মান বজাত।

লক্ষ্যণীয় যে পল’ গ্ৰাউণ্ডত চলি থকা অশ্বাৰোহী প্ৰতিযোগিতাত ব্যৱহৃত সামগ্ৰীসমূহ অসম ৰাইফলছৰ লোকদুজনে সংগ্ৰহ কৰি থাকোতেই উক্ত হেণ্ডগ্ৰেণেডটো বিস্ফোৰিত হয়।

বিস্ফোৰণ সংঘটিত হোৱাৰৰ লগে লগে ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

আনহাতে গ্ৰেণেড বিস্ফোৰণত পতিত হোৱা লোক দুজনক ততাতৈয়াকৈ ওচৰৰে চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসা প্ৰদান কৰে। লোক দুজনে সামান্য পৰিমাণে হাত আৰু কান্ধত আঘাত পোৱা বুলি চিকিৎসকে জানিব দিছে।

ইতিমধ্যে আঘাতপ্ৰাপ্ত লোক দুজনৰ এজনক ছিকিমৰ মনবাহাদুৰ লিম্ব(৩৮) আৰু আনজনক মিজোৰামৰ উত্তমকুমাৰ(৫২) বুলি চিনাক্ত কৰা হৈছে।

এক সূত্ৰই জনোৱা অনুসৰি আঘাতপ্ৰাপ্ত লোকদুজন ইম্ফল চহৰৰ সীমান্ত অঞ্চল কেইথেলমনবিস্থিত ষষ্ঠ অসম ৰাইফলছৰ জোৱান। উল্লেখ্য যে যোৱা ২ ফেব্ৰুৱাৰিৰ পৰা চলা ১৫ সংখ্যক জেনেৰেল আছাম ৰাইফলছ চেণ্টিনেল কাপ অশ্বাৰোহী প্ৰতিযোগিতা, আৰু নৱম সংখ্যক ৰাজ্যিক অশ্বাৰোহী প্ৰতিযোগিতাৰ চোৱা-চিতা কৰিবৰ বাবে উক্ত জোৱান দুজনক নিয়োগ কৰিছিল।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে কোনো দুৰ্বৃত্তই ৰাস্তাৰ পৰাই গ্ৰেণেডটো পল’ খেলপথাৰৰ দক্ষিণফালে নিক্ষেপ কৰিছে।

স্মৰ্তব্য যে আমালৈ অহা বাতৰি অনুসৰি আৰক্ষীয়ে বিস্ফোৰণ সন্দৰ্ভত এতিয়ালৈ কোনো লোককে সোধ পোচৰ বাবে আটক কৰা নাই। আনহাতে এই দুস্কাৰ্য কোনে সংঘটিত কৰিছে সেয়াও এতিয়ালৈ ৰহস্যৰ আৱৰ্তত।

মনকৰিবলগীয়া যে ইম্ফলৰ পল’ খেলপথাৰৰ পূবপ্ৰান্তৰ এম ছেক্টৰত আজিৰ পৰা কিছুদিন পূৰ্বে অৰ্থাৎ ১৫ জানুৱাৰিৰ সন্ধিয়াও দুটাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছিল, য’ত ইম্ফল পৌৰ নিগমৰ ৫০ বছৰীয়া কৰ্মচাৰী ৱাই চুবিতা দেৱী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল।