‘ৰহিঙীয়া শৰণাৰ্থী’ সমস্যাটোত ভাৰতে বাংলাদেশলৈ সহায়ৰ হাত আগ বঢ়াইছে : কিৰেন ৰিজিজু

refugees-pic-1-570x320

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৱে সোমবাৰে অসমত উন্নীতকৰণ চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত বাংলাদেশৰ এগৰাকী সাংসদৰ সৈতে হোৱা এটা বাৰ্তালাপত প্ৰকাশ কৰিছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত আৰু আদেশক্ৰমে সম্পন্ন কৰা হৈছে।

এই সন্দৰ্ভত এনডিটিভিত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে বাংলাদেশৰ সাংসদ তথা বাংলাদেশ তাৰিকাত ফাউণ্ডেইশ্যনৰ অধ্যক্ষ আল হজ চয়দ নাজিবুল বাশ্বাৰ মাইজবান্দাৰিয়ে নতুন দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰে আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, ৰহিঙীয়া শৰণাৰ্থী আৰু সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ পাৰস্পৰিক স্বাৰ্থজড়িত দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

এটা চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ হোৱা অনুসৰি অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধান আৰু নিৰ্দেশৰ ওপৰত ভিত্তি কৰি সম্পন্ন কৰা হৈছে।

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীৰ উদ্ধৃতিৰে প্ৰতিবেদনটোত পুনৰ কোৱা হৈছে যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰা হৈছে আৰু জুলাইৰ ৩০ তাৰিখে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ কৰা হৈ গৈছে। ৪০ লাখ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ পৰা বাদ পৰাৰ বাবে এক বিৰাট বিতৰ্কৰো সূচনা হৈছে। বিজেপিয়ে কৈছে যে অকল বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰা অবৈধ নাগৰিকৰ নাম বাদ পৰিছে। কিন্তু বিৰোধীয়ে কৈছে যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ পৰা বাদ পৰা সকলৰ অধিকাংশই হৈছে ভাৰতীয় নাগৰিক।

যেতিয়া বাংলাদেশৰ সাংসদগৰাকীয়ে ৰহিঙীয়া শৰণাৰ্থীৰ বিষয়টো উত্থাপন কৰিছিল, তেতিয়া ভাৰতৰ কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ পৰা পৰা ভাগি অহা লাখ লাখ ৰহিঙীয়া শৰণাৰ্থীয়ে বাংলাদেশৰ ওপৰত যি এটা বিৰাট বোজাৰ সৃষ্টি কৰিছে সেই সম্পৰ্কে ভাৰত অৱগত আৰু এই সমস্যাটো সমাধান কৰাৰ বাবে ভাৰতৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন আগ বঢ়োৱা হ’ব।

ৰিজিজুৱে বাংলাদেশী সাংসদগৰাকীক কয় যে ৰহিঙীয়া শৰণাৰ্থীৰ সন্দৰ্ভত ভাৰতে বাংলাদেশলৈ সহায়ৰ হাত আগ বঢ়াইছে আৰু ৰহিঙীয়াসকলক নিৰাপত্তা প্ৰদান কৰাৰ বাবে ভাৰতে ম্যানমাৰক সৈমান কৰাবলৈ প্ৰচেষ্টা কৰি যাব। আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক আৰু নিৰাপত্তা-সম্পৰ্কীয় পাৰস্পৰিক স্বাৰ্থজড়িত দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। আন আন বিষয়ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহক বংগোপসাগৰেৰে বাংলাদেশৰ সৈতে সংযোগ কৰা আৰু দ্বিপাক্ষিক বাণিজ্যিক সম্ভাৱনাৰ ওপৰতো আলোচনা কৰে।

ভাৰতৰ বাবে বাংলাদেশৰ গুৰুত্বৰ ওপৰত জোৰ দি ৰিজিজুৱে কৈছে, ‘‘ভাৰতৰ সমৃদ্ধিৰ বাবে শান্তিপূৰ্ণ আৰু সমৃদ্ধিময় বাংলাদেশৰ গুৰুত্ব সৰ্বাধিক আৰু ভাৰত চৰকাৰে এই দিশত সদায় প্ৰচেষ্টা কৰি যাব। ৰিজিজুৱে আৰু কৈছে যে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ প্ৰাচুৰ্যৰ বাংলাদেশৰ প্ৰাচুৰ্যৰ সৈতে এটা যোগাযোগ আছে, কাৰণ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে সামূহিক অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সংযোগ ৰক্ষা কৰি আহিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সৰ্বদলীয় সঁজাতী দলৰ সদস্য হিচাপে ২০১০ চনত বাংলাদেশ ভ্ৰমণৰ স্মৃতি ৰোমান্থন কৰি কয় যে ভ্ৰমণৰ সময়ছোৱাত বাংলাদেশৰ মাজেৰে তেওঁ ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত ভাৰতীয় ৰাজ্যসমূহলৈ ভ্ৰমণ কৰিছিল। তেওঁ কৈছে যে বিশেষকৈ বাংলাদেশৰ আগন্তুক নিৰ্বাচনক অগত ৰাখি এই সীমান্ত ৰাজ্যকেইখনৰ নিৰাপত্তা আৰু সুস্থিৰতা বজাই ৰখাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। দুয়োদেশৰ নেতা দুগৰাকীয়ে দুয়োটা পক্ষই বিকাশৰ অৰ্থে একেলগে কাম কৰি যোৱাৰ ওপৰত জোৰ দিয়ে আৰু সীমাৰ সিপাৰৰ পৰা সংঘটিত হোৱা সন্ত্ৰাসবাদ আদি সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে পৰিকল্পনা যুগুত কৰাৰ ওপৰত জোৰ দিয়ে।