বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ বেচৰকাৰী খণ্ডৰ ২০১৫ চনতে প্ৰতিষ্ঠিত (উচ্চতৰ মাধ্যমিক শ্ৰেণী) কলা আৰু বাণিজ্য শাখাৰ শিক্ষানুষ্ঠান ধূপগুৰি জুনিয়ৰ কলেজে ১০০ শতাংশ উৰ্তীৰ্ণ হোৱাৰ ধাৰাবাহিক গৌৰৱ অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে।
বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি মোকচিয়া আহমেদে ষ্টাৰ মাৰ্ক লাভ কৰাৰ লগতে আঠ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তদুপৰি দহ গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰ নম্বৰ লাভ কৰিছে, ইয়াৰে অসমীয়া বিষয়ত ৭ জনে, শিক্ষা বিষয়ত দুজনে আৰু তৰ্ক বিজ্ঞানত এজন ছাত্ৰই লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে।
এইখন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে সন্তোষজনক ফলাফলেৰে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰৰ উত্তৰণ ঘটাবলৈ সক্ষম হোৱাৰ বাবে সচেতন শিক্ষাব্ৰতী মহলে সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
বটদ্ৰবা অঞ্চলৰ নিকতৱৰ্তী সংখালঘু বসতি প্ৰধান অঞ্চলটোত অৱস্থিত এইখন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাৰ বাবে অধ্যক্ষ লক্ষ্যধৰ তালুকদাৰ আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক মেহবুব হাজৰিকাই কৃতকাৰ্যতা লাভ কৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।