উচ্ছেদক কেন্দ্ৰ কৰি মণিপুৰৰ ভাৰত- ম্যানমাৰ সীমান্তত উত্তেজনা

মণিপুৰৰ টেঙনৈপাল জিলাৰ ভাৰত- ম্যানমাৰ সীমান্তৰ বিবাদমান এলেকাত ম্যানমাৰ সেনায়ে চলোৱা এক উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি অঞ্চলটোত এক চেপা উত্তেজনা বিৰাজ কৰি আছে। টেঙনৈপালৰ আৰক্ষী অধিক্ষক এচ ইবমচাৰ সৈতে অঞ্চলটো ভ্ৰমন কৰি প্ৰশাসনিক বিষয়া কে ৰঘুমনিয়ে বিবাদমান ঠাইখিনিৰ পৰা সকলো ধৰনৰ অবৈধ নিৰ্মাণ আঁতৰাই নিবলৈ গৰাকীসকলক নিৰ্দেশ দিয়ে। অন্যথা জিলা প্ৰশাসনে বিষয়টোত কঠোৰ স্থিতি ল’বলৈ বাধ্য হ’ব। উল্লেখযোগ্য যে যোৱা শনিবাৰে দেশ দুখনৰ সীমান্তত অৱস্থিত বিবাদমান ঠাইখিনিত ভাৰতৰ ফালৰ পৰা বেদখল কৰাৰ অভিযোগ তুলি ম্যানমাৰ প্ৰশাসনে এলেকাটোত এক উচ্ছেদ কাৰ্য চলায়। অৱশ্যে উক্ত উচ্ছেদ সম্পৰ্কে ম্যানমাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা জিলা প্ৰশাসনক কোনোধৰনৰ চৰকাৰী জাননি দিয়া হোৱা নাছিল বুলি ৰঘুমনিয়ে মন্তব্য কৰে। এক স্পষ্ট সীমাৰ অনুপস্থিতিৰ ফলতে এনেধৰনৰ বিবাদৰ ঘটনা সংঘটিত হৈ আহিছে বুলি উল্লেখ কৰি বিষয়াজনে গোটেই বিষয়টোক কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ লৈ যোৱা হ’ব বুলি জানিবলৈ দিয়ে।