উত্তৰ গুৱাহাটী সংযোগী দলঙৰ বাবে বহিঃ পুঁজিত অনুমোদন কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ৰ

Brahmaputra-2-678x381

ভৰলুমুখ আৰু উত্তৰ গুৱাহাটী সংযোগী প্ৰস্তাৱিত ৬ পথযুক্ত দলংখনৰ বাবে ধাৰ্য কৰা বহিঃ পুঁজিৰ বাবে সেউজ সংকেত দিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ে।

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া এম অংগমুথুৱে বৃহস্পতিবাৰে এই তথ্য সদৰী কৰিছে।

অংগমুথুৱে কৈছে যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ পুনৰীক্ষণ কমিটীখনে ফেব্ৰুৱাৰি মাহত অনুমোদন জনাইছে।

এই প্ৰকল্পৰ প্ৰস্তাৱিত ব্যয় হৈছে ১,৮৯০ কোটি টকা আৰু ইয়াৰে ১,৫১২ কোটি টকা বহন কৰিব ব্ৰিক্‌ছৰ নিউ ডেভেলপমেণ্ট বেংকে।

অৱশিষ্টখিনি ৰাজ্য চৰকাৰে বহন কৰিব বুলি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জনাইছে। প্ৰতিৱেদনটোত আৰু প্ৰকাশ কৰা হৈছে যে এটা বিতং প্ৰকল্প প্ৰতিৱেদন প্ৰস্তুত কৰা আৰু ভূমি অধিগ্ৰহণ আৰু পুনৰ্বাসন আদি প্ৰাথমিক ব্যয়ৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ২৫০ কোটি টকা মোকোলাই দিছে।

প্ৰস্তাৱিত এই দলংখনে ফেৰি বা মটৰব’টেৰে উত্তৰ গুৱাহাটী আৰু মহানগৰৰ মাজত অহা-যোৱা কৰা যাত্ৰীসকলক সকাহ দিব।

এই দলংখনে গুৱাহাটী মহানগৰৰ এলেকা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনাও বাস্তৱায়িত কৰাত সহায় কৰিব।

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ছিংগাপুৰ চৰকাৰৰ এটা সহায়ক গোট এছ এম আ চি কনছাল্টেণ্ট গ্ৰুপক ব্যৱহাৰিকতা অধ্যয়ন আৰু বিতং প্ৰকল্প প্ৰতিৱেদন (ডি পি আৰ) প্ৰস্তুত কৰাৰ দাযিত্ব অর্পণ কৰিছে। বিতং প্ৰকল্প প্ৰতিৱেদন প্ৰায় সমাপ্ত হৈছে বুলি জনোৱা হৈছে।

উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈকে এই দলংখনৰ মুঠ দৈৰ্ঘ্য হ’ব ১.৬ কি মি:

ইয়াৰ ভিতৰত দলংখনৰ ১.২৪ কি:মি: দৈৰ্ঘ্য মাল্টি-স্পান এক্সট্ৰাড’জড দলং হিচাপে নক্সা কৰা হৈছে। খুঁটাসমূহৰ মাজৰ প্ৰতিটো স্পানৰ দৈৰ্ঘ্য হ’ব ২০০ মিটাৰ

একষ্ট্ৰাড’জড দলং পৰম্পৰাগত আৰু কেব্‌ল-সমৰ্থিত দলঙৰ নক্সাৰ আধাৰত অত্যাধুনিক প্রযুক্তিৰ দলঙৰ নক্সা হিচাপে বিৱেচনা কৰা হয়। ইয়াত পৰম্পৰাগত দলঙত প্ৰয়োজন হোৱা খুঁটাৰ সংখ্যা কমাই অনা বাবে ই দেখাত সুন্দৰ আৰু নিৰ্মাণ সময় কম লাগে বুলি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে মন্তব্য কৰিছে।

উল্লেখ্য যে এই প্ৰকল্পটোৱে ইতিমধ্যে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সেউজ সংকেত লাভ কৰিছে।