উত্তৰ-পুবৰ পৰা সামৰিক বাহিনীৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

উত্তৰ-পুবত উগ্ৰপন্থী জনিত কাৰ্যকলাপ কমি অহাৰ পৰিপ্ৰেক্ষিটত কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ পৰা কেন্দীয় সেনা বাহিনীৰ লোকৰ সংখ্যা  হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে সভাপতিত্ব কৰা এখন সভাত উত্তৰ-পুৰ্বাঞ্চলত সেনা বাহিনীৰ বিন্যাসত কিছু সাল-সলনি কৰাৰ প্ৰয়োজন আছে বুলি সিদ্ধান্ত লোৱা হয় বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে, উত্তৰ-পুৰ্বাঞ্চলত উগ্ৰপন্থী জনিত ঘটনা দুৰ্ত ভাবে কমি অহাৰ ফলত কেন্দ্ৰীয় মন্ত্ৰনালয়ে অঞ্চলটোত মোতায়েন হৈ থকা সামৰিক সেনা বাহিনীৰ লোকৰ সংখ্যা হ্ৰাস কৰাৰ কথা চিন্তা কৰিছে। ইয়াৰ উক্ত সভাখনত ৰাজ্যৰ আৰক্ষীক উগ্ৰপন্থী সমহ্যাৰে প্ৰভাবিত ঠাইসমূহক তদাৰক কৰাৰ অতিৰিক্ত দায়িত্ব দিয়াৰ সিদ্ধান্ত লোৱা হয়।

এক ভিতৰুৱা সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আলোচনাটোত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফ্ছপাৰ ওপৰতো আলোচনা কৰা হয় যদিও এইসম্পৰ্কত এতিয়ালৈকে কোনোধৰনৰ সিদ্ধান্ত লোৱা হোৱা নাই।

আনহাতে আগন্তুক মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ-পুবৰ আটাইকেখন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলক লগ ধৰিব বুলি জানিব পৰা গৈছে।