উত্তৰ পূৰ্বাঞ্চলত ১৯টা ৰাষ্ট্ৰীয় জলপথ, ব্রডবেণ্ড, ৰেলপথ প্ৰকল্পৰ ঘোষণা ড’নাৰ মন্ত্ৰীৰ

rivrtrns

কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলত ১৯ টা নতুন জলপথক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰিছে। এই কথা সংসদত সদৰি কৰি ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে এই জলপথৰ ১১টা অসমত, ৫ টা মেঘালয়ত আৰু অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামত  এটাকৈ আছে।

তাৰোপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ  ৰাষ্ট্ৰীয় জলপথ আন্তঃগাঁথনি উন্নয়নৰ বাবে উন্নয়নৰ  কেন্দ্ৰীয় খণ্ড আঁচনিৰ অধীনত  নৌ-পৰিবহণ মন্ত্ৰ্যালয়ে ১০০ শতাংশ ৰাজসাহায্য প্ৰদান কৰিব।

টেলি-সংযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে দেশখনৰ ২,৫০,০০০ গাঁও পঞ্চায়তত ব্ৰডবেণ্ড যোগাযোগ কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে।

উঃ পূবৰ বাবে  সাৰ্বিক টেলিকম উন্নয়ন আঁচনিৰ অধীনত বিএছএনএলৰ সৈতে এখন চুক্তি স্বাক্ষৰিত কৰি ২৮১৭টা মোবাইল টাৱাৰ বহুওৱাৰ পৰিকল্পনা কৰা হৈছে। ২২৫৮ কোটি ব্যয়সাপেক্ষ আঁচনিৰ অন্তৰ্গত এই টাৱাৰ সমূহে অৰুণাচলৰ প্ৰদেশৰ  ৪১১৯ খন মোবাইল নেটৱৰ্কে ঢুকি নোপোৱা গাঁও আৰু অসমৰ দুখন জিলাক সামৰি ল’ব বুলি ড’নাৰ মন্ত্ৰীগৰাকীয়ে জনাইছে।

তেওঁ গেংটকৰ পাকিয়ঙত ৫৫৩ কোটি টকা ব্যয়সাপেক্ষ এটা নতুন গ্ৰীনফিল্ড বিমানঘাটী নিৰ্মাণৰ কথাটোও ব্যক্ত কৰে।

ৰেলপথক ব্ৰডগজলৈ পৰিৱৰ্তন কৰা আৰু ৪৭৫৪ কোটি টকা ব্যয়সাপেক্ষ ছিকিম আৰু অৰুণাচলক ৰাজধানী নতুন দিল্লীৰ সৈতে সংযোগ কৰাৰ ৰেলৱে প্ৰকল্পৰ কথাও উল্লেখ কৰে।

ড০ সিঙে আৰু কয় যে ভাৰতমালা পৰিযোজনাৰ অন্তৰ্গত উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় ৫৩০১ কি:মি: স্থলপথ উন্নত কৰা হ’ব। ইয়াৰে ভিতৰত ৩২৪৬ কি:মি: স্থলপথ উত্তৰ পূৰ্বাঞ্চলৰ ইক’নমিক কৰিড’ৰৰ উন্নয়নৰ বাবে অনুমোদন কৰা হৈছে। ৰেলপথ যোগাযোগৰ উন্নতি সাধন কৰিবলৈ বিগত তিনি বছৰত ৭টা নতুন প্ৰকল্প হাতত লোৱা হৈছে। ইয়াৰে ৩টা নতুন ৰেলপথ আৰু ৪টা দ্বৈত ৰেলপথৰ প্ৰকল্প। এই প্ৰকল্প সমূহৰ কাম বিভিন্ন স্তৰত চলি আছে।