• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ১২খন ৰাজ্যত ব্ৰইলাৰ মুৰ্গীৰ কৃত্ৰিম নাটনি সৃষ্টিৰ চক্ৰান্ত ফাদিল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 19, 2018 7:18 am
Broiler
349
VIEWS
Share on FacebookShare on Twitter

অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত ব্ৰইলাৰ আৰু ক্ৰইলাৰ কুকুৰাৰ কৃত্ৰিম নাটনিৰ অভিসন্ধি ৰচনা কৰিছে এই দুবিধ কুকুৰা উৎপাদন কৰা বৃহৎ সংস্থাই। এটা অনুসন্ধানৰ পৰা গম পোৱা গৈছে যে চৰকাৰৰ উদাসীনতাৰ সুযোগ লৈ ব্ৰইলাৰ আৰু ক্ৰইলাৰ মুৰ্গীৰ কৃত্ৰিম নাটনিৰে দাম বৃদ্ধি কৰি গ্ৰাহকৰ মূৰত মাধমাৰ সোধোৱাৰ অপচেষ্টাত লিপ্ত হৈছে ‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেণ্ট ফ’ৰাম’ নামৰ সংস্থাটোৱে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ লগতে পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ঝাৰখণ্ডত মুৰ্গীৰ পোৱালি যোগান ধৰা ‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেন্ট ফৰাম’ নামৰ সংস্থাটোৰ এনে ষড়যন্ত্ৰমূলক সিদ্ধান্তৰ কথা পোহৰলৈ আনিছে।

উল্লেখযোগ্য যে যোৱা ১৩ মে’ত গুৱাহাটীত অনুষ্ঠিত ‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেন্ট ফ’ৰাম’ৰ এক সভাৰ সিদ্ধান্ত মৰ্মে ১৬ মে’ত এক জাননী প্ৰেৰণ কৰা হয় এই ১২খন ৰাজ্যৰ সকলো ধৰণৰ উৎপাদকলৈ। ইয়াত সকলো কৃত্ৰিমভাৱে মুৰ্গী উৎপাদনকাৰী ফাৰ্মক অহা ২৬ মে’ মাজনিশাৰ পৰা ২ জুন মাজনিশালৈ সম্পূৰ্ণ এসপ্তাহৰ বাবে কৃত্ৰিম পদ্ধতিৰে মুৰ্গীৰ কণী উমনি দিয়া প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি স্থানীয় উৎপাদকসকলক ২৭ মে’ৰ পৰা ৩১ মে’ পৰ্যন্ত উমনিৰ বাবে ব্যৱহৃত কণী বিক্ৰী বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে।

Notice

‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেন্ট ফৰাম’ৰ সভাপতি ড০ এ কে ভাগৱতী আৰু সাধাৰণ সম্পাদক মদন মোহন মেইতি স্বাক্ষৰিত জাননীখনত এই কথাও উল্লেখ কৰিছে যে কৃত্ৰিম উমনি বন্ধ ৰখাৰ ফলত জুন মাহৰ ১৭ তাৰিখৰ পৰা ২৩ তাৰিখলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ড আৰু উৰিষ্যাত এদিনীয়া মুৰ্গী পোৱালি উপলব্ধ নহ’ব।

‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেন্ট ফৰাম’ নামৰ এই সংস্থাটোৱে হঠাৎ গ্ৰহণ কৰা এনে এক সিদ্ধান্তই যে অসমৰ লগতে আন আন ৰাজ্যকেইখনৰ ব্ৰইলাৰ আৰু ক্ৰইলাৰ মুৰ্গীৰ বজাৰত যে মূল্যবৃদ্ধিৰ জুই লগাব সেয়া নিশ্চিত হৈ পৰিছে। কিয়নো এক বৃহৎ পৰিমাণৰ ব্ৰইলাৰ আৰু ক্ৰইলাৰ মুৰ্গী উৎপাদন কৰা এই সংস্থাটোৱে উৎপাদন বন্ধ ৰখাৰ ফলত জুন মাহৰ শেষ ভাগলৈ স্বাভাৱিকতেই বজাৰত ব্ৰইলাৰ আৰু ক্ৰইলাৰ মুৰ্গীৰ নাটনিয়ে দেখা দিব।

আনহাতে এই সময়ছোৱাৰ ভিতৰত বাহিৰৰ পৰাও এই ৰাজ্যকেইখনলৈ পোৱালি আমদানি কৰাত বাধা দিয়া হৈছে। গ্ৰাহকৰ মাজত যথেষ্ট চাহিদা থকা ব্ৰইলাৰ আৰু ক্ৰইলাৰ মুৰ্গীৰ এনেদৰে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অসাধু চক্ৰটোৱে দাম বঢ়োৱাৰ চক্ৰান্ত কৰাৰ কথা স্পষ্ট হৈ পৰিছে।

জাননীখনত চক্ৰটোৱে এই সিদ্ধান্ত উৎপাদকৰ বৃহত্তৰ স্বাৰ্থত লোৱা হৈছে বুলি স্পষ্টকৈ উল্লেখ কৰাৰ লগতে ইয়াৰ দ্বাৰা উৎপাদকসকলে সন্মুখীন হোৱা লোকচান বচাব পৰা যাব বুলি কয়।

আনহাতে, ‘ইষ্টাৰ্ন ইণ্ডিয়া প’লট্ৰি ডেভলপমেন্ট ফৰাম’ৰ এই সিদ্ধান্ত সম্পৰ্কে অৱগত নহয় অসম চৰকাৰ। অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মাণ্ডলিক আয়ুক্ত মুক্তি গগৈৰ সৈতে যোগাযোগ কৰাত তেওঁ এই বিষয়ত কোনো কথা জ্ঞাত নহয় বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

বিষয়াগৰাকীয়ে লগতে সংস্থাটোৰ লগত যোগাযোগ কৰি বিষয়টোৰ বুজ লোৱাৰ লগতে সংস্থাটোৱে অসমত কিমান পৰিমাণৰ মুৰ্গী যোগান ধৰে সেয়া নিশ্চিত কৰাৰ আশ্বাস দিয়ে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd