উপায়ুক্তৰ গাড়ীচালক হোৱা বাবেই চিকিৎসকৰ ওপৰতো ডেমাকি দেখুৱাই যোৰহাটত গ্ৰেপ্তাৰ হ’ল দেৱাশিস বৰা নামৰ এজন

Jorhat-Medical-College-Hospital-570x320

যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল। ফাইল ছবি।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এজন কৰ্তব্যৰত কনিষ্ঠ চিকিৎসকক চৰিওৱাৰ অভিযোগত মঙলবাৰে গ্ৰেপ্তাৰ হ’বলগীয়া হয় যোৰহাটৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰৰ গাড়ী চালক দেৱাশিস বৰা ।

জানিব পৰা অনুসৰি মঙলবাৰে উপায়ুক্ত কোঁৱৰে নিজৰ ভতিজী বুলি চিনাকি দিয়া এগৰাকী যুৱতীৰ চিকিৎসাৰ বাবে ৰাতিপুৱা ৫ বজাত উপস্থিত হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। চিকিৎসালয়খনৰ এগৰাকী কনিষ্ঠ চিকিৎসক অৰিত্ৰ গুপ্তাই চিকিৎসাৰ বাবে ৰোগীৰ নাম লিখি বহিঃবিভাগত ৰিচিপ্ট কাটিবলৈ উপায়ুক্তক কয়। এই কথাতে উপায়ুক্তৰ গাড়ীচালক দেৱাশিস বৰাই কনিষ্ঠ চিকিৎসকজনক দুৰ্বব্যৱহাৰ কৰে আৰু প্ৰথম অৱস্থাত বিভিন্ন গালি-গালাজ কৰি তৰ্কত লিপ্ত হয় আৰু তাৰ পাছতে কনিষ্ঠ চিকিৎসকজনক চৰিয়াই দিয়ে।

এই ঘটনাৰ প্ৰসংগতে চিকিৎসালয়ৰ পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰে আৰু চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি ১২ ঘণ্টাৰ ভিতৰত উক্ত চালকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীক দাবী জনায়।

উল্লেখ্য যে পাছত এই ঘটনাৰ পৰ্যবেক্ষণ কৰিবলৈ যোৱা উপায়ুক্ত নাৰায়ণ কোঁৱৰক উত্তেজিত কনিষ্ঠ চিকিৎসকসকলে আবদ্ধ কৰি ৰখাৰ লগতে তেওঁৰ ব্যক্তিগত বাহনৰো ক্ষতিসাধন কৰে ক্ষুব্ধ চিকিৎসকসকলে।

ইফালে প্ৰতিবাদত সেও মানি চিকিৎসকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কোঁৱৰৰ গাড়ীচালক বৰাক গ্ৰেপ্তাৰ কৰে। আৰু গ্ৰেপ্তাৰৰ পাছতহে পৰিস্থিতিৰ শাম কাটে।

উক্ত ঘটনা প্ৰসংগত উপায়ুক্ত নাৰায়ণ কোঁৱৰে কয় যে চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হোৱাৰ সময়ত বহিঃবিভাগত যিজন ইনটাৰ্ন (কনিষ্ঠ চিকিৎসক) আছিল তেওঁৰ ব্যৱহাৰ মুঠেই সন্তোষজনক নাছিল আৰু তেওঁ নিজেই উচ্চবাক্য কৰি আমাৰ লগত তৰ্কত লিপ্ত হৈছিল। উপায়ুক্তজনে লগতে কয় যে সাধাৰণ ৰোগীক যাতে তেওঁলোকে এনে ব্যৱহাৰ নকৰে, সেই কথা তেওঁ চিকিৎসকসকলক বুজাইছিলহে।