দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ পদটোৰ বাবে নিজৰ উত্তৰাধিকাৰী হিচাপে অসম সন্তান ৰঞ্জন গগৈৰ নাম মনোনীত কৰিলে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই। ৪ ছেপ্তেম্বৰত মুখ্য ন্যায়াধীশজনে এই প্ৰস্তাৱ প্ৰেৰণ কৰে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদলৈ।
“ভাৰতৰ মুখ্য ন্যায়াধীশ পদৰ বাবে মোৰ উত্তৰাধিকাৰী হিচাপে ৰঞ্জন গগৈৰ নামটো মনোনীত কৰিছো।” এইদৰে উল্লেখ কৰে মুখ্য ন্যায়াধীশজনে।
ইয়াৰ লগে লগে অসম সন্তান, ৬৪ বছৰীয়া ন্যায়াধীশ ৰঞ্জন গগৈৰ দেশৰ মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনাক লৈ থকা অৱশেষ উৎকণ্ঠাৰো ওৰ পৰিল।
মন কৰিব লগীয়া যে গগৈৰ সম্ভাৱনা যথেষ্ট আছিল যদিও ৪ ছেপ্তেম্বৰত মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই পত্ৰ প্ৰেৰণ নকৰা পৰ্য্যন্ত কিছু অনিশ্চয়তাও আছিল।
উচ্চতম ন্যায়ালয়ৰ পৰম্পৰামতে বৰ্তমানৰ মুখ্য ন্যায়াধীশজনে অৱসৰ লোৱাৰ আগে আগে পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্তিৰ বাবে শীৰ্ষ আদালতখনৰ জ্যেষ্ঠতম ন্যায়াধীশজনৰ নাম তেওঁৰ উত্তৰাধিকাৰী হিচাপে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে। কিন্তু যদিও ৰঞ্জন গগৈয়ে বৰ্তমান জ্যেষ্ঠতম ন্যায়াধীশ ৰঞ্জন গগৈ আৰু দীপক মিশ্ৰৰ মাজৰ তিক্ত সম্পৰ্কৰ বাবে ইয়াত অনিশ্চয়তাৰ ডাৱৰ দেখা পাইছিল দেশৰ ৰাজনৈতিক মহলে। ইয়াৰ কাৰণ হ’ল যোৱা জানুৱাৰিত ৰঞ্জন গগৈ আৰু শীৰ্ষ আদালতখনৰ আন তিনিজন জ্যেষ্ঠ ন্যায়াধীশে নজিৰবিহীনভাৱে সংবাদমেল দি মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে মুকলি বিষোদগাৰ কৰিছিল।
এই কথা মনলৈ আনি দীপক মিশ্ৰই ৰঞ্জন গগৈৰ নাম মনোনীত নকৰিব পাৰে বুলি একাংশই সন্দেহ কৰিছিল।
এতিয়া ৰঞ্জন গগৈৰ নাম কেন্দ্ৰীয় আইন মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। যদি সকলো ঠিকে থাকে গগৈয়ে অহা ৩ অক্টোবৰত দায়িত্বভাৰ ল’ব আৰু ২০১৯ চনৰ ১৭ নৱেম্বৰ পৰ্য্যন্ত দেশৰ মুখ্য ন্যায়াধীশ হৈ থাকিব।