উৰিষ্যাক হৰুৱাই ৰাষ্ট্ৰীয় মহিলা ছাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন মণিপুৰ

football-1-570x320

বহু বছৰৰ বিৰতিৰ মূৰত ফুটবলৰ কোনো ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল মণিপুৰ। উৰিষ্যাৰ কটকত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা ছাব জুনিয়ৰ ফুটবল চেম্পিয়নশ্বীপ ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠত্ব আজুৰি আনিলে মণিপুৰৰ মহিলা ছাব জুনিয়ৰ দলটোৱে।

উল্লেখ্য যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে আয়োজন কৰা প্ৰতিযোগিতাৰ ফাইনেল খেলখন যোৱা ১২ জুলাইতে কটকত মণিপুৰ আৰু উৰিষ্যাৰ মাজত অনুষ্ঠিত হৈছিল। শ্বাহৰুদ্ধকাৰী খেলখনত মণিপুৰে উৰিষ্যাক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ সন্মান অৰ্জন কৰাৰ লগতে ইতিহাস ৰচিবলৈ সক্ষম হয় মণিপুৰে।

‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ প্ৰথম মেচতে আমি তামিলনাডুক ৮-১ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিলো। আৰু তাৰ পিছৰ পৰাই আমাৰ দলটোৰ মনোবল যথেষ্ট পৰিমানে বৃদ্ধি পাইছিল’। মণিপুৰ ছাব ডিভিজন দলটোৰ প্ৰশিক্ষক এন শিৱানন্দই এইদৰে কয়।

মণিপুৰৰ মহিলা ছাব ডিভিজন দলটোৱে চেম্পিয়নৰ খিতাপ দখল কৰা বাবে আজি মণিপুৰ ফুটবল এছ’চিয়েশ্যনে আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত প্ৰশিক্ষক শিৱানন্দ আৰু মেনেজাৰ কেইলানীয়ে দলটোৱে উৰিষ্যাত লাভ কৰা সাফল্যৰ বিষয়ে বিস্তৃত ৰূপত উল্লেখ কৰে।

আজিৰ এই সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠানত মণিপুৰ ফুটবল এছ’চিয়েশ্যনৰ সভাপতি সম্পাদকৰ লগতে বিজয়ী দলটোৰ সদস্যসকলৰ পৰিয়ালৰ লোকো উপস্থিত থাকে।

এছ’চিয়েশ্যনৰ যুটীয়া সম্পাদক এল নৱচন্দ্ৰই সংবাদ মাধ্যমৰ আগত কয় যে দলটোৰ এই প্ৰদৰ্শনে আগন্তুক দিনত মণিপুৰৰ ফুটবলত এক জাগৰণ সৃষ্টি কৰিব।

উল্লেখ্য যে যোৱা ১ জুলাইৰ পৰা ১২ জুলাইলৈ উৰিষ্যাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত দেশৰ ২৭ খন ৰাজ্যৰ দলে প্ৰতিনিধিত্ব কৰিছিল।