এইবাৰ আঁঠু কাঢ়ি, হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

RupjyotiKurmi

আঁঠু কাঢ়ি, হাতযোৰ কৰি ৰোগীৰ ওচৰত ক্ষমাপ্ৰাৰ্থী হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মী।

চৰকাৰী চিকিৎসালয়ত চিকিৎসা বিচাৰি আহি বিমুখ হোৱা ৰোগীসকলক চিকিৎসালয় কৰ্তৃপক্ষৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰে এজন জনপ্ৰতিনিধিয়ে। এইজন আন কোনো নহয়, সততে নিজৰ আচহুৱা আচাৰ-আচৰণ, কথা-বতৰাৰে দৃষ্টি আকৰ্ষণ কৰি অহা মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী।

জানিব পৰামতে, আজি ১০ বজাৰ পিছতো মৰিয়নি আদৰ্শ চিকিৎসালয়ত চিকিৎসক উপস্থিত নোহোৱাত একাংশ ক্ষুব্ধ ৰোগীৰ আত্মীয়ই সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ। তেনেকুৱাতে তাত উপস্থিত হোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আঁঠু কাঢ়ি আৰু চিকিৎসকৰ কোঠাত থকা কেইজনমান ৰোগীৰ ফালে হাতযোৰ কৰি ক্ষমা বিচাৰে।

“আপোনালোকৰ ওচৰত মই এই চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে আৰু বিধায়ক হিচাপেও ক্ষমা বিচাৰিছো। লগতে শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ হৈও ক্ষমা বিচাৰিছো।” আঁঠুকাঢ়ি, হাতযোৰ কৰি এইদৰে কয় বিধায়কজনে।

ইয়াৰ পিছতে তেওঁ তাত সেই সময়ত কোঠাটোত উপস্থিত থকা চিকিৎসকজনক উদ্দেশ্যি কটু কথা শুনায় বিধায়কজনে।

“আপোনালোক ডাক্তৰ, মানে ডাক্তৰৰ নামত কলংক। ডাক্তৰৰ নামত কলংক বুলি ক’লেও ভুল কোৱা নহ’ব। আপোনালোকে মানুহৰ তেজ খাবলৈহে এই ডাক্তৰৰ ডিগ্ৰীটো ল’লে।” এইদৰে কয় কুৰ্মীয়ে।

আনহাতে একাংশই বিধায়কজনৰ এই কাণ্ডক নাটক আখ্যা দিয়াৰ লগতে ইয়াক তেওঁৰ বহুৱালি আখ্যা দিয়ে।