NORTHEAST NOW (Assamese)

এইমছত সফল অস্ত্ৰোপচাৰৰ পিছত ক্ৰমে সুস্থ হৈ উঠিছে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী ৰিজিজু

June 16, 2018 10:15 pm · ৰাজীৱ ৰয়

নতুন দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু বৰ্তমান সম্পূৰ্ণ সুস্থ।

শুকুৰবাৰে ৰিজিজুৰ ছাইনাছাইটিছৰ এটা অগুৰুতৰ ধৰণৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হয়।

‘মই সম্পূৰ্ণ সুস্থ। এইমছৰ চিকিৎসক আৰু কৰ্মচাৰীসকলৰ গোটেই দলটোৰ প্ৰতি মই বহুত কৃতজ্ঞ,’ জনালে ৰিজিজুৱে।

যোৱা শুকুৰবাৰে ৰিজিজুক এইমছত ভৰ্তি কৰোৱা হৈছিল।

যোৱা ১৫ দিনৰ ভিতৰত এই দ্বিতীয়বাৰৰ বাবে ৰিজিজুক এইমছত ভৰ্তি কৰা হৈছিল। এইমছৰ মূত্ৰৰোগ বিভাগত যোৱা ৩০ মে’ত বৃক্কৰ পাথৰ নিৰ্মূল কৰা হৈছিল ৰিজিজুৰ।

Related News