নলবাৰীৰ কেইজন মান শিক্ষিত যুৱক-যুৱতীৰ প্ৰচেষ্টাত গঠিত চেংনৈ The Unity গ্ৰুপে দাঙি ধৰিলে সমাজ গঢ়াৰ এক সুন্দৰ নিদৰ্শন। ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ যোগোৱা তথা অহা বছৰৰ পৰীক্ষাত বহি যাতে ভালদৰে উত্তীৰ্ণ হ’ব পাৰে তাৰ বাবে এই গ্ৰুপটোৱে উক্ত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠদান কাৰ্যসূচী গ্ৰহণ কৰিছিল।
নলবাৰীৰ ধমধমাস্থিত খগেন মহন্ত জুনিয়ৰ কলেজত যোৱা এমাহ ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থী সকলক বিনামূলীয়াকৈ পাঠদান কৰি আছিল। আৰু আজি এই এমাহ যোৰা কাৰ্যসূচীৰ সামৰণি পৰে।
সামৰণি অনুষ্ঠানৰ শেষৰ কেইটিমান মুহূৰ্তত সমল ব্যক্তি হিচাপে অসম চৰকাৰৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষন বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম উপস্থিত থাকি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ জনোৱাৰ লগতে পৰীক্ষাত কেনেদৰে সফল হ’ব পাৰি এই সন্দৰ্ভত বক্তব্য ৰাখে।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে চেংনৈ The Unity গ্ৰুপৰ এই প্ৰচেষ্টাক আদৰণি জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচী ল’বলৈ আহ্বান জনায়।
ইফালে আজিৰ এই সামৰণি অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা, বিশিষ্ট সাহিত্যিক অৰুন দাস, দাস, ধমধমা আঞ্চলিক কলেজৰ অধ্যক্ষ গৌতম চন্দ্র দাসকে ধৰি ভালে সংখ্যক বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা গণ্য মান্য লোক উপস্থিত থাকি চেংনৈ The Unity গ্ৰুপৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে এনে কাৰ্যই সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।