একক সংখ্যা গৰিষ্ঠ দল হৈও মেঘালয়ত চৰকাৰ গঠনত ব্যৰ্থ হ’ল কংগ্ৰেছ

mukul-sangma-2-993x548

কংগ্ৰেছ দলে মেঘালয়ত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে শনিবাৰে নিশা আৰু দেওবাৰে পুৱা প্ৰচেষ্টা চলাইছিল যদিও সেয়া সফল নহ’ল। চৰকাৰ গঠনৰ পথ মসৃন কৰি তুলিবলৈ দিল্লীৰ পৰা আহি উপস্থিত হৈছিলহি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতা মুকুল ৱাছনিক, কমল নাথ, আহমেদ পেটেল আৰু চি পি যোশী।

কংগ্ৰেছৰ এই কেন্দ্ৰীয় নেতা কেইগৰাকীয়ে বহু প্ৰয়াস চলাই আঞ্চলিক দলবোৰৰ সৈতে জোঁট গঠনত ব্যৰ্থ হোৱাৰ পিছত দিল্লীলৈ উভতি যায়।

এআইচিচিৰ নেতাগৰাকীয়ে একক সংখ্যাগৰিষ্ঠ দলটোক চৰকাৰ গঠনৰ বাবে ৰাজ্যপালে আমন্ত্ৰণ কৰাটো বিচাৰিছিল। ২১ খন আসন লাভ কৰি কংগ্ৰেছ একক সংখ্যা গৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল।

অৱশ্যে, সংবিধান বিশেষজ্ঞসকলে কয় যে কোনটো দলক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাব সেইটো ৰাজ্যপালৰ স্বতন্ত্ৰ ক্ষমতাৰ বিষয়।

দেওবাৰে ইউডিপিৰ সভাপতি ডংকুপাৰ ৰয়ৰ চৰকাৰী বাসভৱনত অন্যান্যসকলৰ লগতে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰে নেতাই ভিৰ কৰেহি। কিন্তু ইউডিপি আৰু এইচএছপিডিপিৰ বিধায়কসকলে আঞ্চলিক গণতান্ত্ৰিক মৰ্চাৰ অধীনত তেওঁলোকৰ বৈঠকত ইতিমধ্যে এনপিপি আৰু আনসকলৰ সৈতে এখন অকংগ্ৰেছী চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কংগ্ৰেছে ইয়াৰ বিধায়ক জেনিথ ছাংমাক ৰয়ক সাক্ষাৎ কৰিবলৈ পঠাইছিল যদিও মিত্ৰজোঁটটোৰ সমৰ্থন কংগ্ৰেছৰ সপক্ষে আনিবলৈ সক্ষম নহ’ল।

ইয়াৰ পিছতে ক্ষমতা হেৰুওৱা মুখ্যমন্ত্ৰী মুকুল ছাংমাই ৰয় সাক্ষাৎ কৰি বিজেপিক বাদ দি এখন চৰকাৰ গঠনত সমৰ্থন দিবলৈ আহ্বান জনাইছিল। কিন্তু ইতিমধ্যে ইউডিপি-এইচএছপিডিপি যুটীয়ে এনপিপি আৰু বিজেপিক নতুন চৰকাৰ গঠনৰ বাবে সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পিছতে চাৰি সদস্যযুক্ত পিডিএফ আৰু নিৰ্দলীয় ছেমুৱেল ছাংমাই এনপিপি নেতৃত্বৰ মিত্ৰজোঁটৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, কে জে আলফ’নছ আৰু অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ইউডিপি নেতাগৰাকীক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ পৰা কংগ্ৰেছক অঁতৰাই ৰখাৰ বাবে আহ্বান জনায়।