NORTHEAST NOW (Assamese)

এছিয়ান গেইমছলৈ টিকট নিশ্চিত কৰিলে আন এগৰাকী অসম জীয়ৰী ৰ’দালি বৰুৱাই

July 4, 2018 10:19 am · এন ই নাও নিউজ
Updated: July 4, 2018 10:20 am
ফাইল ফটো

১৯ আগষ্টৰ পৰা ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেইমছত এইবাৰ অসমৰ সৰ্বাধিক সংখ্যক ক্ৰীড়াবিদে ভাগ ল’ব। ১৯৮৬ চনত দক্ষিণ কোৰিয়াৰ চিউলত অনুষ্ঠিত হোৱা এছিয়ান গেইমছত প্ৰথমবাৰ বাবে অসমৰ সৰ্বাধিক তিনিগৰাকী খেলুৱৈয়ে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। কিন্তু এইবাৰ পাঁচগৰাকী খেলুৱৈয়ে গেইমছত অংশগ্ৰহণ কৰাটো নিশ্চিত হৈছে।

দৌৰবিদ হিমা দাস, আৰ্চাৰ প্ৰমীলা দৈমাৰী, শ্বাটলাৰ অস্মিতা চলিহা, বক্সাৰ শিৱ থাপাৰ পাছত টাইকোৱানডোত যোগ্যতা নিশ্চিত কৰিছে ৰাজ্যৰ আন এগৰাকী খেলুৱৈ ৰ’দালি বৰুৱাই। আৰু এইদৰে অসমৰ খেল জগতৰ ইতিহাসত নজিৰ সৃষ্টি কৰি প্ৰথম বাৰৰ বাবে এছিয়াডত অংশগ্ৰহণ কৰিব পাঁচগৰাকীকৈ অসমীয়া খেলুৱৈ।

অসম টাইকোৱোনডো সন্থাৰ সম্পাদক হিৰণ্য শইকীয়াই জনোৱা মতে ভিয়েটনামত অনুষ্ঠিত ২৩ সংখ্যক এছিয়ান চেম্পিয়নশ্বিপত দেখুওৱা সুন্দৰ প্ৰদৰ্শন আৰু জাকাৰ্টাত অনুষ্ঠিত ১৮ সংখ্যক এছিয়ান গেইমছ আমন্ত্ৰণমূলক টাইকোৱানডো প্ৰতিযোগিতাতত ব্ৰঞ্জৰ পদক লাভ কৰাৰ সুবাদত তেজপুৰৰ জীয়ৰী ৰ’দালিয়ে জাকাৰ্টা এছিয়ান গেইমছৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ৰ’দালি বৰুৱা বিশ্ব ৰেংকিঙৰ ৫৩ নম্বৰ স্থানত থকাৰ লগতে দেশৰ শীৰ্ষ ৰেংকত আছে। তেওঁ এছিয়ান গেইমছত ৭৩ কিলোগ্ৰাম ঊৰ্ধ্বৰ শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

Related News