এথেন্সলৈ মণিপুৰী তথ্যচিত্ৰ ‘ফায়াৰ ফ্লাইজ’

মেইৰা পাইবিৰ জীৱন আধাৰিত এখন মণিপুৰী তথ্যচিত্ৰ গ্ৰীচৰ এথেন্সৰ এক মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। জানিব পৰামতে এথেন্সৰ বালকান কেন কিন’ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে ‘ফায়াৰ ফ্লাইজ’ নামৰ ৬ মিনিটৰ তথ্যচিত্ৰখন। এথেন্সৰ পৰিত্যক্ত সাংস্কৃতিক ঐতিহ্যবহনকাৰী ভৱনসমূহৰ পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে সামূহিক ভৱন সমূহক অনুপ্ৰেৰিত কৰাৰ কমিউনিটিজম নামৰ এক কলা প্ৰকল্প (Art Project) সামৰি লোৱা বালকান কেন কিন’ নতুন চলচিত্ৰ নিৰ্মাতা আৰু ইণ্ডি চিনেমা নিৰ্মাতা সকলৰ সৃষ্টি প্ৰদৰ্শনৰ এক স্থান। চিনেমাখনৰ পৰিচালক বাংগালুৰ নিবাসী জনচন কুমাৰ।

 

ৰাষ্ট্ৰযন্ত্ৰৰ দমনৰ বিৰুদ্ধে তেওঁলোকৰ সম্প্ৰদায়টোক সুৰক্ষা দিয়াৰ বাবে মেইৰা পাইবিৰ যাত্ৰা তথ্যচিত্ৰখনে প্ৰতিফলিত কৰিছে। সংঘৰ্ষজৰ্জৰ, পুৰুষশাসিত মণিপুৰৰ সমাজত নাৰীৰ ভূমিকাক ই অৱলোকন কৰিছে। সংঘাত আৰু হিংসাপূৰ্ণ সময়ত লিংগভিত্তিক পৰিচয়সমূহৰ কিদৰে মোকাবিলা কৰা হৈছিল তাৰ প্ৰতি চিনেমাখনে শক্তিশালী সাক্ষ্যৰ সৈতে দৃষ্টি  দিছে। মধ্যপ্ৰদেশৰ এক সমূহীয়া মাধ্যম সমাজ প্ৰগতি সহযোগ (Smaj pragati sahayog) ৰ পুঁজিৰে  নিৰ্মিত চিনেমাখন ভাৰতৰ ফিল্ম ডিভিজনৰ দ্বাৰা সমৰ্থিত। বাংগালুৰৰ নিবাসী মণিপুৰী গণমাধ্যম কৰ্মী পৰিচালক জনচন ৰাজকুমাৰে নগৰখনৰ সামাজিক আন্দোলন আৰু ৰাজনৈতিক প্ৰতিবাদ সমূহৰ ভিডিঅ’ তথ্যচিত্ৰ প্ৰস্তুত কৰি আহিছে। ‘The Holy Wives’, Workers in Shadow’ আৰু ‘Rainbows are Real’ আদি বিভিন্ন তথ্যচিত্ৰত তেওঁ কেমেৰামেন হিচাপে কাম কৰিছিল। শেহতীয়াকৈ তেওঁ চলচ্চিত্ৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ বিষয়ত বেলজিয়ামৰ International Federation of Film Archive আৰু  National Film Archive of India-ৰ স্বীকৃতি লাভ কৰিছে। জনচন বৰ্তমান বাংগালুৰৰ ছেইণ্ট যোছেফ কলেজৰ যোগাযোগ বিভাগৰ মুৰব্বী।