এনআৰচিঃ বৰপেটা জিলাত বহু সংখ্যক লোকৰ নাম বাদ পৰাৰ সম্ভাৱনাক লৈ প্ৰতিক্ৰিয়া

NRC

প্ৰতিনিধিত্বমূলক ছবি

৩০ জুনত প্রকাশ পাব ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা ৷  নাগৰিকপঞ্জী উন্নীতকৰণৰ বংশবৃক্ষ পৰীক্ষণৰ অন্তিম তাৰিখ পাৰ হোৱাৰ পাছতো ৰাজ্যৰ আন কিছু স্থানৰ দৰে বৰপেটা জিলাৰ চেঙাতো এতিয়ালৈকে বংশবৃক্ষ পৰীক্ষণৰ কাম সম্পূর্ণ হোৱা নাই বুলি জানিব পৰা হোৱা নাই৷ চেঙা ৰাজহ চক্রৰ অন্তর্গত ১১খন গাঁও পঞ্চায়তৰ প্রমাণ-পত্রৰ পুনৰীক্ষণৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই৷

জানিবলৈ পোৱা মতে ইতিমধ্যে চেঙা ৰাজহ চক্রৰ অন্তর্গত এনআৰচিৰ বংশবৃক্ষ পৰীক্ষণত ২৯,৩১৬গৰাকীয়েহে ব্যৱহূত গাঁও পঞ্চায়তৰ প্রমাণ-পত্রৰ পুনৰীক্ষণৰ কাম শেষ হৈছে৷ এতিয়াও ৰাজহ চক্রটোৰ অন্তর্গত খোলাবন্ধা গাঁও পঞ্চায়তৰ ৬গৰাকী, কাছুমাৰা গাঁও পঞ্চায়তৰ ১৯গৰাকী, মুছলমানপাৰা গাঁও পঞ্চায়তৰ ২৪৭গৰাকী, মহচৰা গাঁও পঞ্চায়তৰ এগৰাকী, গোমা গাঁও পঞ্চায়তৰ ৬০৬গৰাকী, ৰৌমাৰী পাথাৰ গাঁও পঞ্চায়তৰ ২৯০গৰাকী, বাটগাঁও গাঁও পঞ্চায়তৰ ৬গৰাকী, বহৰি আৰু বহৰি ৰিজার্ভ গাঁও পঞ্চায়তৰ ক্রমে ৩ আৰু ২৩৩গৰাকী, নিজ চেঙা গাঁও পঞ্চায়তৰ ১১৯গৰাকী আৰু হৰিপুৰ গাঁও পঞ্চায়তৰ ২২গৰাকীকে ধৰি মুঠ ১৫৫১গৰাকীৰ প্রমাণ-পত্রৰ পুনৰীক্ষণৰ কাম সম্পন্ন কৰিবলৈ বাকী আছে৷

চেঙা ৰাজহ চক্রৰ চক্র বিষয়া ৰাজীৱ কুমাৰ দাসে এই সন্দর্ভত শুনানিৰ বাবে প্রেৰণ কৰা জাননীত হোৱা ভুল ঠিকনাৰ বাবে এই সহস্রাধিক প্রমাণ-পত্রৰ পুনৰীক্ষণৰ কাম আঠ জুনৰ ভিতৰত সম্পূর্ণ কৰা হ’ব বুলি জানিবলৈ দিছে আৰু এই ক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা ইতিমধ্যেই গ্রহণ কৰিছে৷ ইফালে এই পর্যন্ত ৰাজহ চক্রটোৰ অন্তর্গত এনআৰচিৰ আবেদনকাৰীসকলৰ কিছুমান আবেদনকাৰীয়ে ভুৱা লিগেচি তথা তথ্য-পাতি ব্যৱহাৰ কৰাটো নিশ্চিত হোৱাত তেওঁলোকৰ নাম কর্তন কৰা হৈছে বুলি জানিব পৰা গৈছে৷

এক বিশেষ সূত্রই জনোৱা মতে চেঙা ৰাজহ চক্রৰ অন্তর্গত ৩০ লক্ষাধিক আৱেদনকাৰীয়ে এনআৰচিৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল৷ বিগত সময়ত আবেদনকাৰীসকলৰ তথ্য-পাতি পুনৰীক্ষণৰ পাছত প্রায় ১৫০-২০০খন ভুৱা লিগেচি ইতিমধ্যেই নাকচ কৰা হৈছে৷

সূত্রটোৰ মতে চেঙা ৰাজহ চক্রৰ অন্তর্গত এনআৰচিৰ আবেদনকাৰীসকলৰ মাজৰ পৰা প্ৰায় দুই তিনি সহস্রাধিক লোকৰ নাম খচৰাৰ পৰা কর্তন হ’ব পাৰে৷

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্রৰ অন্তর্গত এই তথ্য যদি সঁচা প্রমাণিত হয়, স্বাভাৱিকতে সংখ্যালঘু বসতিপ্রধান চেঙা সমষ্টিটোৰ লগতে বৰপেটা জিলাত বৃহৎ সংখ্যক লোকৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰাটো প্ৰায় খাটাং হৈ পৰিছে৷