NORTHEAST NOW (Assamese)

এনআৰচি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাজ্যত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন

April 27, 2018 2:42 pm · এন ই নাও নিউজ

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যে ৰাজ্য চৰকাৰ সদিচ্চা নাই সেয়া বৃহস্পতিবাৰে স্পষ্ট হৈ পৰিল। অসম চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে স্পষ্ট কৰি দিছে যে এনআৰচি সম্পূৰ্ণ নোহোৱাকৈ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয়।

যিহেতু এনআৰচিৰ সম্পূৰ্ণ তালিকা ডিচেম্বৰতহে প্ৰকাশ পাব, তেনেক্ষেত্ৰত এইটো স্পষ্ট যে চলিত বৰ্ষত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয়।

উল্লেখযোগ্য যে ২০১৯ৰ আৰম্ভণিতে দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব।  সেয়েহে লোকসভা নিৰ্বাচন পাৰ নোহোৱা পৰ্যন্ত যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা নাই সেয়া স্পষ্ট।

ৰাজ্যত অব্যাহত থকা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰায় ৪৫হাজাৰ ৰাজ্যিক কৰ্মচাৰী নিয়োজিত হৈ আছে। ইতিমধ্যে পাঁচ বছৰীয়া পঞ্চায়তৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে। কাৰ্যকাল সম্পূৰ্ণ হোৱা পঞ্চায়তসমূহ ভংগ কৰি পঞ্চায়তৰ সকলো কাম-কাজ জিলাৰ উপায়ুক্ত, মহকুমাধিপতি, বি ডি অ’ আদিক চমজি ল’বলৈ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত আয়ুক্তই যোৱা ৪ মাৰ্চতে পত্ৰ প্ৰেৰণ কৰিছিল।

আনহাতে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচাৰিছিল যদিও ১৫খনকৈ জিলাৰ উপায়ুক্তই এনআৰচিৰ কামত বিষয়া-কৰ্মচাৰীসকল নিয়োজিত হৈ থকাত নিৰ্বাচনত নিয়োগ কৰিব পৰা নাযাব বুলি আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ যোৱাত এনআৰচিৰ কামত বিঘিনি নোহোৱাকৈ বহিঃৰাজ্যৰ কৰ্মচাৰী নিয়োগ কৰি যদি নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে সেয়া কৰিবলৈ আয়োগৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে। কিন্তু ৰাজ্য চৰকাৰে এই সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সন্মত  নোহোৱাত ৰাজ্যিক নিৰ্বাচন আয়োগ থমকি ৰ’বলৈ বাধ্য হৈছে।

বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যতো চৰকাৰৰ সদিচ্ছা নথকাটো পুনৰ স্পষ্ট হৈ পৰিল। কিয়নো ৰাজ্যিক কৰ্মচাৰীৰ সংখ্যা প্ৰায় ৪.৫০ লাখ। এনআৰচিত নিয়োজিত হৈ আছে অৰ্ধ লক্ষাধিকতকৈও কম কৰ্মচাৰী। সম্প্ৰতি লোকসভা নিৰ্বাচনৰ পাছতহে যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব সেয়া ক্ৰমাৎ স্পষ্ট হৈ পৰিছে বুলি প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লষকসকলে।

Related News