অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাব লগীয়া এন আৰ চিৰ খচৰাক লৈ ৰাজ্যখনৰ কিছু সংখ্যক লোক এতিয়াও শংকিত হৈয়ে আছে। ফলত আত্মহত্যাৰ দৰে মৰ্মান্তিক ঘটনাই ৰাজ্যখনৰ সচেতন লোকসকলক উদ্বিগ্ন কৰিছে। যোৱা ৩ ডিচেম্বৰত গোৱালাপাৰাৰ জ্বলেশ্বৰত আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিয়ে তেওঁৰ জীয়েকৰ নাম এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰাৰ শংকাত আত্মহত্যা কৰাৰ পিছত কালি নিশা শিলচৰৰ ৰামনগৰৰ আক্ৰাম উদ্দিন বৰভূঞা নামৰ লোক এজনে এন আৰ চিৰ নথি পুনৰীক্ষণৰ ভয়ত আত্মহত্যাৰ পথ বাছি ল’লে। আক্ৰাম উদ্দিনে নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে। জানিব পৰামতে আক্ৰামে এন আৰ চিৰ বাবে প্ৰয়োজনীয় সকলোবোৰ নথি যোগাৰ কৰিব পৰা নাছিল। এই কথাত তেওঁ অধিক শংকিত হৈ পৰিছিল আৰু বিদেশী হিচাপে চিহ্নিত হোৱাৰ ভয়ত তেওঁ আত্মহত্যা কৰে। জানিব পৰামতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। উল্লেখযোগ্য যে অহা ৩১ ডিচেম্বৰত এন আৰ চিৰ প্ৰথমটো খচৰা প্ৰকাশ পাব। সেই উপলক্ষে ৰাজ্যৰ নিৰ্দিষ্ট অঞ্চল কিছুমানত এন আৰু চি উন্নীতকৰণ কৰ্তৃপক্ষই নথি পুনৰীক্ষণৰ কাম দ্ৰুততাৰে কৰি আছে। এন আৰু চি কৰ্তৃপক্ষৰ মতে বহুতৰে নথিত বিস্তৰ খেলিমেলি পোৱা গৈছে যদিও তাৰ সংখ্যা কিমান সেই কথা স্পষ্ট হোৱা নাই। আনহাতে এন আৰ চিত নাম নথকাসকল বা নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম নোহোৱাসকল বিদেশী বুলি ধৰা হ’ব নে তেওঁলোকক নিজৰ নথি-পত্ৰ আকৌ জমা কৰাৰ সুযোগ দিয়া হ’ব এই ধৰণৰ কথাবোৰ স্পষ্ট নহয় বা সাধাৰণ লোকৰ মাজত সেই সম্পৰ্কীয় সজাগতা সৃষ্টিৰ পদক্ষেপ লোৱা দেখা নাই। ফলত কিছুমান লোক অনাহক শংকাত ভুগিব লগীয়া হৈছে।