এন আৰ চিত জালিয়াতিৰে নাম অন্তৰ্ভুক্তিৰ চেষ্টা : ৰঙিয়াত দুজনক গ্ৰেপ্তাৰ

এন আৰ চি

এন আৰ চিত জালিয়াতিৰে নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱাৰ অপৰাধত ৰঙিয়াৰ ধুহিত দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। মহম্মদ ৰিজোৱান (২৪) আৰু আতিকুৰ ৰহমান (২৬) নামৰ যুৱক দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে বহু বছৰ পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা আহি ধুহিত এঘৰ লোকৰ তাত নিগাজিকৈ থাকিবলৈ লোৱা মহম্মদ ৰিজোৱান নামৰ যুৱকজনে এন আৰ চিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন জনাইছিল। কিন্তু এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে যুৱকজনৰ কোনো প্ৰামাণিক নথি নথকাত ৰিজোৱানে ধুহিৰ আতিকুৰ ৰহমান নামৰ যুৱকজনৰ সহায় বিচাৰে।

আতিকুৰে ধুহিৰ মিলন মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক ঘনশ্যাম কুমাৰৰ স্বাক্ষৰ জাল কৰি কম্পিউটাৰৰ সহায়ত এখন ভুৱা বিদ্যালয়ৰ প্ৰমাণ-পত্ৰ তৈয়াৰ কৰি ৰিজোৱানক দিয়ে। ৰিজোৱানে নিজৰ আবেদনৰ লগত প্ৰামাণিক নথি হিচাপে বিদ্যালয়ৰ উক্ত ভুৱা প্ৰমাণ-পত্ৰখন গাঁঠি দিয়ে।

ৰিজোৱানৰ প্ৰমাণ-পত্ৰখনৰ ওপৰত ধুহিৰ এন আৰ চি সেৱা কেন্দ্ৰৰ বিষয়াগৰাকীৰ সন্দেহ ওপজাত বৃহস্পতিবাৰে বিষয়াগৰাকীয়ে মিলন মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীক প্ৰমাণ-পত্ৰখন পুনৰীক্ষণৰ বাবে এন আৰ চি সেৱা কেন্দ্ৰলৈ তলব কৰে। প্ৰধান শিক্ষক ঘনশ্যাম কুমাৰে প্ৰমাণ-পত্ৰখন পুনৰীক্ষণ কৰি সেইখন ভুৱা বুলি নিশ্চিত কৰে।

প্ৰধান শিক্ষক কুমাৰে ঘটনা সম্পৰ্কত কঞা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। কুমাৰৰ এজাহাৰৰ ভিত্তিত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেশ্বৰ চুতীয়াই ধুহিৰ পৰা মহম্মদ ৰিজোৱান আৰু আতিকুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে দুয়োজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৬৮/৪২০/৮৭১ ধাৰাৰ অধীনত এটা গোচৰ (২৮/২০১৮) ৰুজু কৰি শুকুৰবাৰে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত  হাজিৰ কৰায়। আদালতে দুয়োজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।