এন আৰ চি আৰু আসন্ন বান পৰিস্থিতিক লৈ মাজুলীত গাঁওবুঢ়াৰে উপায়ুক্তৰ বৈঠক

Majuli DC meet

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অদ্যাবধিকৰণ প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায় আৰু আসন্ন বান পৰিস্থিতি সম্পৰ্কত আলোচনাৰ বাবে মাজুলীৰ সকলো চৰকাৰী গাঁওবুঢ়াৰে উপাুয়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই আজি এখন বৈঠকত অংশগ্ৰহণ কৰে।

উক্ত বৈঠকত ৰাজ্যৰ আন ঠাইৰ লগতে মাজুলীতো অহা ৩০ জুনৰ ভিতৰত প্ৰকাশ পাব লগা এন আৰ চিৰ দ্বিতীয় খচৰা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলীৰ বিষয়ে জনসাধাৰণক আশ্বস্ত কৰা আৰু আগন্তুক বানৰ সময়ছোৱাত উদ্ধাৰ আৰু সাহায্য অভিযান সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত প্ৰতিগৰাকী গাওবুঢ়াই লব লগা বিশেষ দায়িত্ব সম্পৰ্কে আলোচনা কৰা হয়।

এন আৰ চি অদ্যাবধিকৰণৰ অন্তিম পৰ্যায়ত গাওবুঢ়া সকলক নিজ ৰাজহ গাঁৱৰ জনসাধাৰণক আশ্বস্ত কৰাৰ লগতে চুড়ান্ত খচৰা প্ৰকাশৰ সময়তো নাম আদিৰ সংশোধনী তথা নাম কৰ্তন বিষয়ক ওজৰ আপত্তি, আবেদন দাখিলৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধি কৰাত মুখ্য ভূমিকা গ্ৰহনৰ বাবে উপাুয়ুক্ত গৰাকীয়ে দায়িত্ব অৰ্পন কৰে।

আনহাতে আসন্ন বান পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে এতিয়াৰে পৰা প্ৰতিগৰাকী গাঁওবুঢ়াকে নিজ ৰাজহ গাঁৱৰ ক্ষেত্ৰত প্ৰয়োজন হব পৰা নাও, সামগ্ৰী বিতৰণৰ স্থান, সাহায্য শিবিৰ স্থাপনৰ বাবে উপযুক্ত স্থান চিনাক্ত কৰি নিজস্ব গাওভিত্তিক বান প্ৰস্তুতিৰ পৰিকল্পনা যুগুতাবলৈও উপায়ুক্ত মিশ্ৰই দিহা দিয়ে।

বৈঠকত অতিৰিক্ত উপায়ুক্ত তথা জিলা দূৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া চিন্ময় নাথে আগন্তুক বানপানীৰ সময়ছোৱাত বানাক্ৰান্ত গাঁওবাসীৰ বাবে জৰুৰী সাহায্য সামগ্ৰী জিলা প্ৰশাসনে যাতে খৰতকীয়াকৈ উপলব্ধ কৰাব পাৰে তাৰ বাবে গাঁওবুঢ়া সকলক তাৎক্ষণিক ভাবে চক্ৰ বিষয়াৰ কাৰ্যালয়ত বানাক্ৰান্তৰ তালিকাসহ প্ৰস্তাৱ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।