এন আৰ চি : শিৱসাগৰ আৰু শিমলুগুৰিত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ

এন আৰ চি কামৰ বিৰোধিতা কৰি পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰম্ভ কৰা কুটিল ৰাজনীতিৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকা সময়তে আজি শিৱসাগৰতো দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

আজি শিৱসাগৰ চহৰৰ মাজমজিয়া দ’লমুখ চাৰিআলিত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, শিৱসাগৰ নগৰ সমিতিয়ে মমতা বেনার্জীয়ে এন আৰ চিৰ বিৰোধিতা কৰি  প্ৰৰোচনামূলক মন্তব্য কৰাৰ  প্ৰতিবাদত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ কৰে। ইয়াৰ উপৰি সংগঠনটোৰ শিমলুগুৰি আঞ্চলিকেয়ো শিমলুগুৰি নগৰত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ কৰে ।

বৃহত্তৰ অসমী য়া যুৱ মঞ্চৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ মমতা বেনাৰ্জীয়ে কৰা প্ৰৰোচনামূলক মন্তব্যৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে তৃণমূল কংগ্রেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা উজনি অসমৰ কাৰ্য্যবাহী হিচাপে থকা হৰেকৃষ্ণ গগৈ আৰু তৃণমূল কংগ্রেছৰ ৰাজ্যিক সম্পাদিকা ৰিবুলয়া গগৈয়েও দলটোৰ পৰা পদত্যাগ কৰে। তৃণমূল কংগ্রেছৰ সভানেত্ৰী মমতা বেনাৰ্জীলৈ তেওঁলোকে ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।