নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটি (এন পি চি চি)ৰ সভাপতি কে থেৰীয়ে জনোৱা পদত্যাগৰ প্ৰস্তাৱক দলটোৱে খাৰিজ কৰিছে বুলি আজি নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটি (এন পি চি চি)ৰ কাৰ্যবাহী কমিটিয়ে জানিবলৈ দিয়ে।
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এন পি চি চিৰ সাধাৰণ সম্পাদক কেপ্টেইন জি কে ঝিমোমিয়ে কয় যে সদ্য-সমাপ্ত নিৰ্বাচনত দলটোৰ বিপৰ্যয়ৰ প্ৰকৃত কাৰকসমূহৰ সঠিক পৰ্যালোচনা নোহোৱালৈকে এন পি চি চিয়ে সদৌ ভাৰত কংগ্ৰেছ কমিটিক (এ আই চি চি) তেওঁলোকৰ এই সিদ্ধান্তক ‘সন্মান’ জনাবলৈ অনুৰোধ কৰাৰ সিদ্ধান্ত লৈছে।
নিৰ্বাচনৰ বিপৰ্যয়ৰ সম্পূৰ্ণ নৈতিক দায়িত্ব স্বীকাৰ কৰি থেৰীয়ে কালি কহিমাত অনুষ্ঠিত এন পি চি চিৰ বৈঠকত তেওঁ পদত্যাগৰ প্ৰস্তাৱ দাখিল কৰিছিল বুলি এন পি চি চিয়ে স্পষ্ট কৰে।
আনহাতে, থেৰীয়ে এন পি চি চিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা বুলি একাংশ বাতৰি কাকত তথা ছছিয়েল মিদিয়াত প্ৰচাৰিত বাতৰিয়ে যথেষ্ট খেলি-মেলি আৰু গুজৱৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি দলটোৱে বিবৃতিটোত কয় উক্ত বাতৰিত কেৱল এটা দিশহে প্ৰকাশ পাইছিল।
প্ৰাপ্ত তথ্য মতে, যিহেতু থেৰীক এ আই চি চিয়ে নিয়োগ কৰিছে সেয়ে এন পি চি চিয়ে এইক্ষেত্ৰত একো কৰিব নোৱাৰে, থেৰীয়ে এ আই চি চিক নিজৰ পদত্যাগ দাখিল কৰিব লাগিব।
উল্লেখযোগ্য যে এইবাৰৰ ৰাজ্যিক নিৰ্বাচনত কংগ্ৰেছে ১৮ জন প্ৰাৰ্থীক প্ৰতিদন্দিতাত অৱৰ্তীন কৰাইছিল যদিও দলটোৰ এজনো প্ৰাৰ্থী নিৰ্বাচিত নহ’ল।