এপ্ৰিলত ভাৰত ভ্ৰমণলৈ আহিব নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লী

kp sharma oli

নেপালৰ দৈনিক কাকত কাঠমাণ্ডু পোষ্টত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰখনৰ নৱ-নিৰ্বাচিত প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লী তিনি দিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে ভাৰতলৈ আহিব।

বাতৰি পোৱা মতে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দুজন শীৰ্ষ স্থানীয় বিষয়া আৰু নতুন দিল্লীস্থ নেপালী দূতাৱাসৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে যে যোৱা মাহত নেপালৰ প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত অ’লীৰ ভাৰত ভ্ৰমণৰ বিষয়টো সক্ৰিয়ভাৱে বিৱেচনা কৰি থকা হৈছে।

উল্লেখ্য যে যোৱা বাৰ অ’লীয়ে প্ৰথমবাৰ আৰত ভ্ৰমণলৈ আহোঁতে তেওঁক সিমান উষ্ম আদৰণি জনোৱা হোৱা নাছিল আৰু বিষয়টো লৈ ওলীৰ ঘনিষ্ঠ মহলত চর্চাও হৈছিল। অৱশ্যে শেহতীয়াকৈ ভাৰত চৰকাৰে বিষয়টো সূক্ষ্মভাৱে চিন্তা কৰিছে আৰু অতীতৰ পাৰ্থক্যখিনি পাহৰি দুয়ো দেশৰ সম্পৰ্কৰ এটা নতুন অধ্যায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে।

শীৰ্ষস্থানীয় বিষয়াসকলে প্ৰকাশ কৰিছে যে এক শক্তিশালী গণভিত্তিৰে ক্ষমতালৈ অহা অ’লীয়ে  তেওঁৰ তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়চোৱাত দুয়ো দেশৰ মাজত সম্পাদিত হ’বলগীয়া চুক্তিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ল’ব পাৰিব।

বিগত ডিচেম্বৰ মাহত বামপন্থী মিত্ৰজোঁটে দুই ত্ৰিতীয়াংশ ভোট লাভ কৰাৰ পিছত  দেশখনৰ হাউছ অৱ ৰিপ্ৰেজেন্টেটিভত তেওঁৰ চৰকাৰে তিনি চতুৰ্থাংশ সমৰ্থন লাভ কৰিছিল।

যিহেতু বৰ্তমান নতুন দিল্লীত নেপালৰ কোনো ৰাষ্ট্ৰদূত উপস্থিত নাই, সেয়েহে ৰাষ্ট্ৰদূত ভাৰত কুমাৰ ৰেগনিক তেওঁৰ ছুটি সোনকালে শেষ কৰি সোনকালে নতুন দিল্লীলৈ উভতি আহিবলৈ কোৱা হৈছে।

এক নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ যে প্ৰধান মন্ত্ৰী ওলীৰ চৰকাৰী ভ্ৰমণৰ আগে আগে দেশখনৰ বিদেশ মন্ত্ৰী প্ৰদীপ গ্যাৱলীয়ে নতুন দিল্লী ভ্ৰমণ কৰিব।