NORTHEAST NOW (Assamese)

এ পি এছ চিৰ কেলেংকাৰি : গ্ৰেপ্তাৰ কৰা ছজন এ পি এছ বিষয়াক নিলম্বন

November 23, 2017 12:02 pm · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

টকা দি চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত জড়িত ছজন এ পি এছ বিষয়াক আজি চৰকাৰে নিলম্বন কৰে। বহু চৰ্চিত এ পি এছ চি কেলেংকাৰিৰ তদন্ত অব্যাহত থকাৰ মাজতে আজি (বৃহস্পতিবাৰে) চৰকাৰৰ গৃহ বিভাগে ক্ৰমে দিলীপ কলিতা, ছবেৰা ইমৰান, জিতেন্দ্ৰ প্ৰসাদ বৰুৱা, হেমন্ত শইকীয়া আৰু জয়ন্ত কুমাৰ নাথক তেওঁলোকৰ অসম আৰক্ষী সেৱাৰ চাকৰিৰ পৰা নিলম্বন কৰি এখন নিৰ্দেশ জাৰি কৰে। ইয়াৰ পূৰ্বে যোৱা ২২ নৱেম্বৰত একে ধৰণৰ এক নিৰ্দেশৰ জৰিয়তে ১০জন এ চি এছ বিষয়াক নিলম্বিত কৰিছিল। আৰক্ষীয়ে বৰ্তমান পৰ্য্যন্ত ২৩জন এ চি এছ, এ পি এছ আৰু এলাইড ছাৰ্ভিচৰ বিষয়াক নিলম্বিত কৰিছিল। আনহাতে আন দুগৰাকী অভিযুক্ত বিষয়া নিশামণি ডেকা আৰু ৰাকেশ গুপ্তাই এতিয়াও আত্মগোপন কৰি আছে। তদন্তত এই কথা জনা গৈছে যে এই অভিযুক্ত বিষয়াসকলে বেঁকা পথেৰে বহু প্ৰত্যাশিত পদবোৰত নিযুক্তি লাভ কৰিছিল।

Related News