এ পি এছ চি কেলেংকাৰী : ডি টি অ’ প্ৰসেনজিৎ ঘোষৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল আৰক্ষীৰ

10-04-18-Guwahati-APSC-scam-Prasanjit-Ghosh-produced-in-court-1

ফাইল ফটো : পৰিবহন বিষয়া প্ৰসেনজিৎ ঘোষক গ্ৰেপ্তাৰ

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কেলেংকাৰি সন্দৰ্ভত বৃহস্পতিবাৰে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে আদালতত ষষ্ঠখন অভিযোগনামা দাখিল কৰে। আৰক্ষীয়ে লগতে বিতৰ্কিত জিলা পৰিবহণ বিষয়া (ডি টি অ’) প্ৰসেনজিৎ ঘোষৰ গোচৰটোৰ পৰিপূৰক অভিযোগনামাও দাখিল কৰে।

আৰক্ষীয়ে বৃহস্পতিবাৰে দাখিল কৰা অভিযোগনামাত বিতৰ্কিত পৰিবহণ বিষয়াজনৰ বিৰুদ্ধে অনিময়ৰ তথ্য প্ৰকাশ পাইছে। আৰক্ষীয়ে তদন্তৰ সময়ত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ডি টি অ’ প্ৰসেনজিৎ ঘোষে চাকৰি লাভৰ বাবে তিনিটা বিষয়ত জালিয়াতিৰ আশ্ৰয় লোৱাৰ প্ৰমাণ পোৱা গৈছে।

তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেশ্বৰে উল্লেখ কৰে মতে, ধৃত ডি টি অ’ ঘোষে ৰাকেশ পালৰ ভুৱা পৰীক্ষা বহীত উত্তৰ লিখিছিল। আনহাতে, তেওঁৰ উত্তৰবহীত খোদ ৰাকেশ পালেই নিৰীক্ষকৰ চহী কৰিছিল। অভিযোগনামাত উল্লেখ কৰা মতে, প্ৰসেনজিৎ ঘোষৰ জালিয়াতি হোৱা বিষয়কেইটা হৈছে শিক্ষা, ইংৰাজী আৰু সমাজ বিজ্ঞান।

উক্ত তিনিটা বিষয়ত মূল পৰীক্ষাৰ পাছত ৰাকেশ পালে পতা ভুৱা পৰীক্ষাত ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ ছপাশালত ছপা কৰা জাল উত্তৰবহীত দ্বিতীয়বাৰ উত্তৰ লিখিছিল। আনকি এই জাল উত্তৰবহীত নিৰীক্ষকৰো চহী জাল কৰা হৈছিল।

ফৰেনছিক বিজ্ঞানাগাৰত ইতিমধ্যে নিৰীক্ষকৰ চহী জাল কৰাৰ কথা প্ৰমাণ হৈছে। আনকি উক্ত চহী খোদ ৰাকেশ পালৰ আছিল বুলিও প্ৰমাণ হৈছে। জাল উত্তৰবহীত নম্বৰো যথেষ্ট বৃদ্ধি কৰি দিয়া বুলি অভিযোগনামাত উল্লেখ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এতিয়াও বহুকেইজন অভিযুক্ত প্ৰাৰ্থীৰ উত্তৰবহীৰ ফৰেনছিক প্ৰতিবেদন আহি নোপোৱাত আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱা বুলি তদন্তকাৰী বিষয়া পানেশ্বৰে সদৰি কৰে।

আৰক্ষী বিষয়াজনে প্ৰকাশ কৰা মতে, ২০১৩ বৰ্ষৰ সকলো প্ৰাৰ্থীৰ উত্তৰবহীৰ প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰিছে। কিন্তু ২০১৪ চনৰ কিছুসংখ্যক প্ৰাৰ্থীৰ প্ৰতিবেদন এতিয়াও আৰক্ষীৰ হাতলৈ অহা নাই। প্ৰতিবেদন লাভ কৰাৰ পাছত আৰু কেইবাজনো প্ৰাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সম্ভাৱনাও তেওঁ ব্যক্ত কৰিছে।