ওজিং টায়েঙৰ হত্যাৰ তদন্ত চিবিআইক হস্তান্তৰ কৰাৰ দাবী সদৌ পূব চিয়াং জিলা ছাত্ৰ সন্থাৰ

12-Ojing-Tayeng-570x320

ওজিং টায়েঙৰ হত্যাৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী সংস্থাক অহা এমাহৰ ভিতৰত হত্যাৰ তদন্ত সম্পূৰ্ণ কৰাৰ বাবে সদৌ পূব চিয়াং জিলা ছাত্ৰ সন্থাই শেষ সময়সীমা বান্ধি দিয়ে।

বৃহস্পতিবাৰে ছাত্ৰ সংগঠনটোৱে স্পষ্ট ৰূপত কয় যে যদিহে তদন্তকাৰী সংস্থাটোৱে অহা এমাহৰ ভিতৰত উক্ত হত্যাকাণ্ডৰ একো শুংশুত্ৰ উলিয়াব নোৱাৰে তেন্তে হত্যাৰ গোচৰ চি বি আইলৈ হস্তান্তৰ কৰিব লাগিব।

বৃহস্পতিবাৰে ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে ইতিমধ্যে উক্ত হত্যাৰ তদন্তৰ দায়িত্ব বহু পলমকৈ বিশেষ তদন্তকাৰী সংস্থাক অৰ্পণ কৰা হৈছিল। নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ ১১ মাহ উকলি যোৱাৰ পাছতো আৰক্ষীয়ে আজি পৰ্যন্ত হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক।

সদৌ পূব চিয়াং জিলা ছাত্ৰ সন্থাৰ আহ্বায়ক য়ন টাকিয়ে সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি কয় যে টায়েঙৰ হত্যাকাৰীক ছয়মাহৰ ভিতৰতে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি আৰক্ষীয়ে দিয়া আস্বাসৰ পাছতো আজি পৰ্যন্ত একো সমাধান সূত্ৰ নোলোৱাতো গভীৰ উদ্বেগজনক।

ইফালে সংগঠনটোৰ সভাপতি ওয়িন য়’ছুঙে ৰাজ্যিক আৰক্ষীয়ে চলোৱা উক্ত হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত গভীৰ ৰহস্যৰ গোন্ধ থকা বুলি তাৎপৰ্যমূলক মন্তব্য কৰে।

তেওঁ লগতে উল্লেখ কৰে যে মেবোত সংঘটিত হোৱা বমগে নিয়ৰিৰ হত্যাকাণ্ডৰ তদন্ত মাত্ৰ ১৯ দিনতে সমাপ্ত কৰিছিল পাচীঘাট আৰক্ষীয়ে। কিন্তু টায়েঙৰ হত্যাকাণ্ডৰ তদন্ত একেবাৰে স্তব্ধ। টায়েঙৰ হত্যাৰ তদন্ত চলোৱা আৰক্ষীয়ে পাচীঘাট আৰক্ষীৰ পৰা শিক্ষা লোৱা উচিত।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ১০ জুনত ইটানগৰৰ নিটি বিহাৰত ওজিং টায়েঙক দুজন অচিনাক্ত লোকে শাৰিৰীক আক্ৰমণ কৰাৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আৰু পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ অনা হয় যদিও ঘটনা সংঘটিত হোৱাৰ চাৰিদিন পাছত টায়েঙ মৃত্যুমুখত পৰে।