ওম প্ৰকাশ-প্ৰমীলা দেৱী মেম’ৰিয়েল চেৰিটেব’ল ট্ৰাষ্টে হোজাইৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব বঁটা

20180602_232227

হোজাই জিলাৰ লংকাস্থিত ওম প্ৰকাশ-প্ৰমীলা দেৱী মেম’ৰিয়েল চেৰিটেব’ল ট্ৰাষ্টৰ তৰফৰ পৰা প্ৰথম বছৰৰ বাবে জিলাখনৰ দুগৰাকী মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ট্ৰাষ্টৰ অধ্যক্ষ ৰোহিত আগৰৱালাই।

প্ৰেছ বিজ্ঞপ্তিখনৰ জৰিয়তে তেওঁলোকে উল্লেখ কৰে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাই জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছোৱালী আৰু ল’ৰাজনক উৎসাহ তথা উদগণি জনোৱাৰ উদ্দেশ্যে এই বছৰ আমি উক্ত বঁটা দুটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো।

প্ৰয়াত ওম প্ৰকাশ আগৰৱালা এক্সিলেন্স নামেৰে ল’ৰাক আৰু প্ৰমীলা দেৱী আগৰৱালা এক্সিলেন্স নামেৰে ছোৱালীক এই বঁটা প্ৰদান কৰিব। বঁটাত থাকিব নগদ ১১ হেজাৰ টকা, প্ৰসস্তি পত্ৰৰ লগতে অন্যান্য উপহাৰ।

এই বঁটাৰ বাবে কোনো ধৰণৰ আবেদনৰ প্ৰয়োজন নাই বুলি ট্ৰাষ্টে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে। কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শীৰ্ষ শিক্ষাৰ্থীসকলৰ তথ্য বিভাগীয় কৰ্তৃপক্ষৰ পৰা লাভ কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে ওম প্ৰকাশ-প্ৰমীলা দেৱী মেম’ৰিয়েল চেৰিটেব’ল ট্ৰাষ্টে বিগত দুবছৰৰ পৰা লংকা অঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে মেট্ৰিকত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিকত পঢ়াত সহায় হোৱাৰ উদ্দেশ্যে ১০ হেজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে।

জানিব পৰা মতে এই বছৰ লংকাত এখন জনসভাৰ জৰিয়তে স্ক’লাৰশ্বীপৰ লগতে উক্ত বঁটা দুটা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।