কঠোৰ জনসংখ্যা নীতিৰ কুফলে সংকট মাতিছে চীনলৈ : অধিক সন্তান জন্ম দিয়াত উৎসাহৰ চিন্তা-চৰ্চা

Chinese-nurses-with-quadr-006-570x320

প্ৰজাতন্ত্ৰ চীনত অতি কঠোৰভাৱে বলৱৎ কৰা এটা সন্তান নীতিৰ ফলত এক সংকটৰ দিশত গতি কৰিছে দেশখনৰ ভৱিষ্যত। জনসংখ্যা বৃদ্ধিৰ হাৰ অবাঞ্ছিতভাৱে হ্ৰাস পোৱাৰ ফলত দেশখনৰ শ্ৰম-শক্তি (workforce) সংকুচিত হৈ আহিছে বুলি জানিব পৰা গৈছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ (National Health Commission )উদ্ধৃতিৰে নিউয়ৰ্কস্থিত ‘ব্লুমবাৰ্গ’ত প্ৰকাশিত এটা প্ৰতিৱেদনত এই তথ্য সদৰী কৰা হৈছে।

প্ৰতিৱেদনটোত কোৱা হৈছে যে চীনৰ স্বাস্থ্য আয়োগে অধিক সন্তান জন্ম দিয়া পিতৃ-মাতৃলৈ আৰ্থিক অনুদান আগবঢ়াব, যাতে তেওঁলোকে সন্তান পালনত কোনো অসুবিধাত নপৰে। বুধবাৰে ছাংহাইস্থিত এটা সংবাদ পৰ্টেলত এই কথা কোৱা হৈছে।

বুধবাৰে চীনৰ এটা স্থানীয় নিউজ পৰ্টেল ‘পেপাৰ’ত প্ৰকাশ পোৱা অনুসৰি, চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে ইতিমধ্যে বিশেষজ্ঞসকলক সংগঠিত কৰি অতিৰিক্ত সন্তানৰ ওপৰত থকা কৰ ৰদ কৰা আৰু অন্যন্য সা-সুবিধা প্ৰদান কৰি অধিক সন্তান জন্ম দিয়াৰ প্ৰতি চীনা দম্পতীক উৎসাহিত কৰিব বিচাৰিছে।

বিশেষজ্ঞসকলৰ অধ্যয়নত অধিক সন্তান জন্ম দিয়া দম্পতীক পুৰস্কৃত কৰাৰ প্ৰভাৱ সম্পৰ্কেও মূল্যায়ন কৰা হ’ব। অৱশ্যে নিউজ পৰ্টেলটোৱে এই প্ৰতিৱেদনটোৰ উৎস সন্দৰ্ভত কোনো তথ্য ব্যক্ত কৰা নাই।

তিনি বছৰ পূৰ্বে চীনত এটা সন্তানৰ ঠাইত দুটা সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰাৰ পাছত, দেশখনৰ জনসংখ্যাগত টাইমব’মটো নিষ্ক্ৰিয় কৰাৰ বাবে (বয়স্ক লোকৰ সংখ্যা বৃদ্ধি আৰু ইয়াৰ আনুসংগিক সমস্যাসমূহ) যে এটা নাটকীয় পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা চীনৰ নীতি নিৰ্ধাৰকসকলে যে বুজি উঠিছে, এই গৱেষণাত সেয়াই প্ৰতীয়মান হৈ পৰিছে।

মে’ মাহত ‘ব্লুমবাৰ্গ’ৰ প্ৰতিৱেদনত কোৱা হৈছে যে চীনে সন্তান জন্ম দিয়াৰ অধিকতম সংখ্যাৰ সকলো বাধা নিষেধ ৰদ কৰাৰ পৰিকল্পনা কৰিছে। ঘাইকৈ দেশখনৰ জনসংখ্যাত বাৰ্ধক্যৰ গতি হ্ৰাস কৰা আৰু আন্তঃজাতিক সমালোচনাৰ পৰা হাত সৰাৰ বাবে এই পৰিকল্পনা কৰিছে।

সন্তান জন্ম দিয়াক উৎসাহ প্ৰদান কৰাৰ পাছত চীনত শেহতীয়াভাৱে শিশুৰ কাপোৰ প্ৰস্তুতকৰ্তা আৰু শিশু খাদ্য প্ৰস্তুতকাৰীকলৰ অংশপত্ৰৰ মূল্য উৰ্ধগামী হৈছে বুলি প্ৰতিৱেদনত প্ৰকাশ। তথ্য অনুসৰি, বিগত বৰ্ষৰ আগষ্টৰে পৰা বস্ত্ৰ নিৰ্মাতা আন্নিল কোম্পানীৰ ৫.৬ শতাংশ আৰু জিংজিয়াং টিয়ানৰুন ডেইৰী কোম্পানীৰ অংশপত্ৰৰ মূল্য ৩.৪ শতাংশ উৰ্ধগামী হৈছে।

পৰিসংখ্যা ব্যুৰ’ৰ মতে যোৱা বছৰ চীনত সমগ্ৰ দেশজুৰি ৩.৫ শতাংশৰ পৰা ১৭.২ মিলিয়নলৈ জনসংখ্যা হ্ৰাস পাইছিল।

চীনৰ এটা সন্তান জন্ম দিয়াত অভ্যস্ত বহুতো পিতৃ-মাতৃয়ে অতিৰিক্ত সন্তানক লালন-পালন কৰাৰ বৰ্ধিত ব্যয়ৰ বিষয়ত শংকাত ভুগে। চীনা পিতৃ-মাতৃ এটা সন্তানৰ বিষয়ত অভ্যস্ত হৈ পৰিছে।

দেশখনৰ অৰ্থনীতিৰ বিকাশ সাধন কৰা, পেনছন আৰু স্বাস্থ্যসেৱাৰ ধন বৃদ্ধি, বিদেশী কোম্পানীক দেশখনৰ বিদেশী কোম্পানীক আঁতৰাই দিয়া আদিৰ বাবে ৰাষ্ট্ৰপতি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিনৰ যি প্ৰচেষ্টা, তাৰ ওপৰত চীনৰ ক্ৰমবৰ্ধমান বয়স্ক ব্যক্তিৰে গঠিত সমাজখনে দেশখনত আৰু সমগ্ৰ বিশ্বতে এটা বিৰূপ প্ৰভাৱ পেলাব।

উল্লেখ্য যে বিগত বছৰত চীনৰ ৰাজ্যিক সংসদে দেখুৱাই দিছিল যে ২০৩০ চনৰ আশে-পাশে চীনৰ সমগ্ৰ জনসংখ্যাৰ এক চতুৰ্থাংশ জনসংখ্যা ৬০ কিংবা তাতকৈও অধিক বয়সৰ হ’ব। তথ্য অনুসৰি ২০১০ চনত এই সংখ্যা আছিল ১৩ শতাংশ।