কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি মেঘালয়ত নিৰ্বাচন

Meghalaya-polls-570x320

মঙলবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভোটগ্ৰহণৰ বাবে মেঘালয়ত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

এক শান্তিপূৰ্ণ ভোটগ্ৰহণ নিশ্চিত কৰাৰ লগতে মঙলবাৰৰ ভোটগ্ৰহণৰ সময়ত নিৰ্বাচন সম্পৰ্কীয় বা আন যিকোনো হিংসাত্মক ঘটনা প্ৰতিহত কৰিবৰ বাবে মেঘালয় আৰক্ষীয়ে কোনো সুৰুঙা বাকী ৰখা নাই।

ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যখনত সুৰক্ষা বাহিনীৰ ১০৬ টা কোম্পানী নিয়োগ কৰা হৈছে।

সকলো গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বুলি চিনাক্ত হোৱা ভোট কেন্দ্ৰত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ একোটা শাখা নিয়োগ কৰা হৈছে। তদুপৰি, আইন-শৃংখলাৰ সমস্যা সৃষ্টিৰ সম্ভাৱনা থকা অঞ্চলসমূহতো সশস্ত্ৰ বাহিনীক সাজু কৰি ৰখা হৈছে।

গাৰো পাহাৰ অঞ্চলত বৃহৎ সংখ্যক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু এছ এফ -১০ক নিয়োগ কৰা হৈছে। বিশেষকৈ দক্ষিণ গাৰো পাহাৰ আৰু পূব গাৰো পাহাৰত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি গঢ়ি তোলা হৈছে।

উক্ত অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ কাৰণ হৈছে কেইদিনমান আগতে নিৰ্বাচনী প্ৰচাৰ চলাই উভতি অহা এনচিপিৰ প্ৰাৰ্থী জনাথন চাংমাক আই ই ডি বিস্ফোৰণ ঘটাই তথা ধাৰাসাৰ গুলীবৰ্ষণ কৰি হত্যা কৰা হৈছিল।

কেইদিনমান আগতে জিএনএলএৰ মুৰব্বী ছোহান ডি সিৰাক আৰক্ষীৰ হাতত নিহত হোৱাৰ পিছত গাৰো পাহাৰৰ পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ আছে।

সিৰা এনচিপি প্ৰাৰ্থীৰ হত্যাৰ আঁৰৰ মূল অভিযুক্ত আছিল।

আজি আবেলি ৪ বজাত ভোটগ্ৰহণ সমাপ্ত হ’ব।

অহা ৩ মাৰ্চত নাগালেণ্ড আৰু ত্ৰিপুৰাৰৰ সৈতে একেলগে ভোটগণনা সম্পন্ন কৰা হ’ব।

মঙলবাৰে নাগালেণ্ডতো ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ত্ৰিপুৰাত ইতিমধ্যে যোৱা ১৮ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ সমাপ্ত হৈছে।