পাঁচ বছৰীয়া কণমাণি ছোৱালী এগৰাকীক ধৰ্ষণৰ অভিযোগত অভিযুক্ত দুজন লোকক ধৰ্ষিতা কণমাণিগৰাকীৰ গাঁৱৰ লোকে আৰক্ষীৰ নিৰাপত্তা বেস্তনীৰ পৰা উলিয়াই মৰিয়াই মাৰি তেজুৰ মাৰ্কেট এৰিয়াত পেলাই দিয়াৰ এক ঘটনা সংঘটিত হৈছে।
অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ ৱাক্ৰ’ চক্ৰৰ অধীনৰ নামগ’ মিছিমি গাঁৱত ৫ বছৰীয়া এগৰাকী কণমাণিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সঞ্জয় চবৰ (৩০ বছৰ) আৰু জগদীশ ল’হাৰ (২৫ বছৰ) নামৰ দুজন অভিযুক্তক আৰক্ষীয়ে কালি তেজু ছে’ছন আদালতত হাজিৰ কৰোৱাৰ পিছত কালি তেজু আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।
ঘটনাৰ বিৱৰণী মতে আজি ৰাতিপুৱা ১১.৩০ মান বজাত স্থানীয় দল-সংগঠন, গাঁৱৰ লোকসকলে আহি তেজু থানা ঘেৰাও কৰি আৰক্ষীৰ জিম্মাত থকা দুই অভিযুক্তক উলিয়াই লৈ মৰিয়াই মাৰি তেজুৰ বজাৰ চকত পেলাই দিয়ে।
সূত্ৰ অনুসৰি হঠাৎ আহি থানা আক্ৰমণ কৰা উত্তেজিত লোকসকলক প্ৰতিৰোধ কৰিব পৰাকৈ তেজু থানাত পৰ্য্যাপ্তসংখ্যক আৰক্ষী নাছিল।
ঘটনা সংঘটিত হোৱাৰ আধা ঘণ্টাৰ ভিতৰতে ঘটনাথলীত গৈ জিলা আৰক্ষী অধীক্ষক আইজাক পাৰ্টিন হাজিৰ হয়।
অভিযুক্ত লোক দুজনক মৰিয়াই মৰাৰ পিছতে উত্তেজিত লোকসকল আঁতৰি যায়।
এতিয়ালৈকে ঘটনাটো সংক্ৰান্তত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।