কমনৱেল্থ গেইমছত সোণৰ পদক আজুৰি অনা মণিপুৰৰ তিনিগৰাকী খেলুৱৈক সম্বৰ্ধনা ৰাজ্যপাল নাজমা হেপতুল্লাৰ

h-570x320

মণিপুৰৰ লগতে দেশৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুনাম তথা গৌৰৱ কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায়ক হোৱাৰ বাবে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ বক্সাৰ মেৰীকম, ভাৰোত্তোলক মীৰাবাঈ চানু আৰু সঞ্জীতা চানুক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে ৰাজ্যখনৰ ৰাজ্যপাল নাজমা হেপতুল্লাই ।

ৰাজ ভৱনত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যপাল নাজমা হেপতুল্লাই সদ্য সমাপ্ত কমনৱেল্থ গেইমছত সোণৰ পদক বিজয়ী মণিপুৰৰ তিনিগৰাকী খেলুৱৈ ক্ৰমে মেৰীকম, মীৰাবাঈ চানু আৰু সঞ্জীতা চানুক শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে।

‘দেশৰ হৈ সোণ বা ৰূপৰ পদক আহৰণ নকৰালৈকে আমাৰ ইয়াৰ মানুহে খেলুৱৈসকলৰ শক্তি বা প্ৰতিভা অনুধাৱন নকৰাতো অতি দুৰ্ভাগ্যজনক’, বুলি ৰাজ্যপালগৰাকীয়ে কয়।

সদ্য সমাপ্ত কমনৱেল্থ গেইমছত ভাৰতৰ হৈ উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰি বক্সাৰ মেৰীকম, ভাৰোত্তোলক মীৰাবাঈ চানু আৰু সঞ্জীতা চানুৱে সোণৰ পদক অৰ্জন কৰিছিল।

সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে এজন খেলুৱৈ বিশ্ব পৰ্যায়ত প্ৰতিষ্ঠা হ’বলৈ হ’লে শৰীৰ চৰ্চাৰ লগতে স্বাস্থ্যজনিত খাদ্য খোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি মন্তব্য কৰে।

উল্লেখ্য যে অষ্ট্ৰলিয়াত অনুষ্ঠিত হোৱা কমনৱেল্থ গেইমছত মণিপুৰৰ সোণৰ পদক বিজয়ী খেলুৱৈক ৰাজ্য চৰকাৰে ১৫ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ উপৰি উপস্থিত থকা ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী লেটপাও হাওকিপে সোণৰ পদক বিজয়ী খেলুৱৈ তিনিগৰাকীক অতি শীঘ্ৰে উক্ত আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব বুলি জনায়।

আনহাতে সম্বৰ্ধিত বস্কাৰ মেৰীকমে কয় যে ৰাজ্যখনৰ পৰা বিশ্ব পৰ্যায়ৰ খেলুৱৈ গঢ়ি তুলিবলৈ হ’লে চৰকাৰখনে উপযুক্ত আন্তঃগাথনি নিৰ্মাণ কৰাৰ লগতে খেলুৱৈসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগিব।

২১ সংখ্যক কমনৱেল্থ গেইমছত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰা ভাৰোত্তোলক মীৰাবাঈ চানুৱে নিজৰ মত প্ৰকাশ কৰি কয়, ‘ভৱিষ্যতেও যেণ এনেধৰণৰ সফলতা অৰ্জন কৰিব পাৰো তাৰ বাবে মই চেষ্টা কৰিম। আগন্তুক এছিয়ান গেইমছ আৰু ২০২০ত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকতো যাতে দেশৰ হৈ পদক আজুৰি আনিব পাৰো তাৰ বাবে আৰু অধিক কষ্ট কৰিম’।

ইয়াৰ উপৰি আন এগৰাকী সোণৰ পদক বিজয়ী ভাৰোত্তোলক সঞ্জিতা চানুৱেও আগন্তুক এছিয়ান গেইমছত সোণৰ পদক অৰ্জন কৰাই মূল লক্ষ্য বুলি মন্তব্য কৰে।