কলিয়াবৰত অশোকাষ্টমী মেলা সমিতিৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি মন্ত্ৰী কেশৱ মহন্তৰ

কলিয়াবৰৰ শিলঘাট অশোকাষ্টমী মেলা সমিতিৰ ব্যৱস্থাত ২খনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ পিছত আজি ৬ মে’ত মুকলি কৰা হ’ল এটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। আজি বিয়লি মেলা কমিটিৰ দ্বাৰা প্ৰতিষ্ঠিত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটো ফিটা কাটি মুকলি কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।

অশোকাষ্টমী মেলাৰ নামত জাকজমকতাৰে  মেলা অনুষ্ঠিত নকৰি শিলঘাট অশোকাষ্টমী মেলা সমিতিয়ে শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ দিশত মনোনিৱেশ কৰি ইতিপূৰ্বে কন্যাকাশ্ৰম জুনিয়ৰ কলেজ প্ৰতিষ্ঠা আৰু শিলঘাট সংগীত মহাবিদ্যালয়ক পুনৰ উজ্জ্বীৱিত কৰাৰ পিছত আজি পুনৰ মুকলি কৰিলে এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ।

মহন্তই ভাষণ প্ৰসংগত কয় যে ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য কৰি মেলা কমিটিয়ে এক মহৎ কাম কৰিলে লগতে এই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰা শিক্ষাৰ তথা চাকৰিৰ ক্ষেত্ৰত এক বৃহৎ সহায় হোৱাৰ কামনা কৰিলে মন্ত্ৰী কেশৱ মহন্তই।

আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰি মহকুমাধিপতি বিতোপন নেওগে কয় যে অশোকাষ্টমী মেলা কমিটিৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয় তথা এই এই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ দ্বাৰা শিলঘাটকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোক সকলৰ বাবে অতিকৈ উপকৃত হ’ব পৰাকৈ এক গুৰুত্ব আৰোপ কৰি কেন্দ্ৰটো নিৰ্মাণ কৰি মেলা কমিটিয়ে সঁচাকৈ এক প্ৰশংসনীয় আৰ্হি প্ৰদৰ্শণ কৰিলে।

অনাগত দিনবোৰটো যেন এই কমিটিয়ে শিলঘাটৰ শৈক্ষিক পৰিৱেশ আৰু  উন্নত কৰি শিলঘাটখনক বিশ্ব দৰবাৰলৈ  আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ আশা কৰিছে স্থানীয় ৰাইজে।