কলিয়াবৰত ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন

দুৰ্ঘটনাত

কলিয়াবৰত আজি বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইক আৰু এখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে কলিয়াবৰৰ বৰালী গাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি প্ৰায় তিনি বজাত AS02-T-5092 নম্বৰৰ এখন বাইক আৰু বিপৰীত দিশৰ পৰা অহা AS02-BC-3058 নম্বৰৰ এখন ডাম্পাৰৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত বাইকত উঠি অহা আৰোহী দুজন গুৰুতৰভাৱে আহত হয়।

তীব্ৰ বেগী বাইকখনৰ আৰোহী দুজন বিপৰীত দিশৰ পৰা অহা শক্তিশালী ডাম্পাৰৰ খুন্দাত ছিটিকি পৰে আৰু শৰীৰত বেয়াকৈ আঘাত পায়। প্ৰচণ্ড জোৰে খুন্দিওৱা বাইক আৰোহী দুজন আঘাতপ্ৰাপ্ত হৈ ৰাস্তাৰ দাঁতিত পৰি ৰয়।

পিছত স্থানীয় ৰাইজে দুয়োজনকে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ১০৮ সেৱাৰ সহায়ত ততাতয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে দুজন বাইক আৰোহীৰ এজনৰ চিকিৎসালয়ত মৃত্যু ঘটে।

নিহত বাইক আৰোহী জনক ফাৰুক আহমেদ আৰু আনজনক জয়দীপ দাস বুলি চিনাক্ত কৰা হৈছে আৰু দুয়োজনৰে ঘৰ পশ্চিমবংগত বুলি জানিব পৰা গৈছে।